নাক বন্ধ হ’লে কি কৰিব?

0
1462

শীতকালত চৰ্দি, কাহ হোৱাটো এটা সাধাৰণ কথা৷ কিন্তু পানীলগা হোৱাৰ ফলত নাক বন্ধ হোৱাটো সকলোৰে কাৰণে এক অস্বস্তিকৰ সমস্যা৷ ইয়াৰ ফলত নাকৰ পানী ওলাই, উশাহ-নিশাহ লোৱাত কষ্ট হয়, মাত ভাঙে৷ মুঠতে এক কথাত ক’বলৈ গ’লে ই খুবেই অস্বস্তিদায়ক৷ বন্ধ নাকৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰিব পাৰি-

(১) নাক বন্ধ হ’লে গৰম পানীৰে মূৰ-গা ধুলে আৰাম পোৱা যায়৷
(২) নহৰুত এণ্টিফাংগেল আৰু এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ যি বন্ধ নাকৰ সমস্যা নিৰাময়ত যথেষ্ট সহায় কৰে লগতে আদাও যথেষ্ট উপকাৰী৷
(৩) পানী গৰম কৰি তাৰ ভাপ ল’ব লাগে৷ তাত আয়’ডিন নাইবা ভিক্সৰ কেপছুল মিশ্ৰণ কৰি ভাপ ল’লেও সুফল পোৱা যায়৷
(৪) নাৰিকল বা সৰিয়হৰ তেল আঙুলিৰ টিপত লৈ নাকৰ ভিতৰত দিলেও যথেষ্ট আৰাম পোৱা যায়৷
(৫) কেঁচা পিঁয়াজ লগতে জলকীয়া খালেও উপকাৰ লাভ কৰিব পাৰি৷
(৬) গৰম পানীয় বা চুপ আদিও লাভদায়ক৷ বিলাহীৰ গৰম চুপত নহৰু, নেমুৰ ৰস, নিমখ মিহলাই খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here