নতুন SOP: আবেলি ৫ বজালৈকে ব্যাৱসায়িক প্ৰতিষ্ঠান খোলা

0
681
বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যোৱা ৯ আগষ্টত ২০খন বিছনাযুক্ত ICU কক্ষ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ ৰাজ্যৰ কভিড পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সান্ধ্য আইনৰ সময়সীমা হ্ৰাস কৰিছে৷ উক্ত উদ্বোধনী অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নতুন SOP ঘোষণা কৰে৷ ১০ আগষ্টৰ পৰা ৰাজ্যত নতুন SOP বলৱৎ হ’ব বুলি প্ৰকাশ কৰি পুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ খোলা থাকিব বুলি ঘোষণা কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব বুলি মন্ত্ৰী মহন্তই প্ৰকাশ কৰে৷ ইয়াৰ লগতে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত পূৰ্বৰ নীতিয়েই প্ৰযোজ্য হৈ থাকিব বুলিও নতুন SOP-ত প্ৰকাশ কৰে৷ আনহাতে লখিমপুৰ আৰু গোলাঘাট জিলাৰ পূৰ্বৰ নিয়ম উঠাই সমগ্ৰ ৰাজ্যৰ দৰেই একে SOP হ’ব বুলিও মন্ত্ৰীজনে ঘোষণা কয়৷ তদুপৰি অহা ১৫ আগষ্টৰ পাছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন SOP জাৰি হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী মহন্তই৷ ইপিনে ৯ আগষ্টৰ দিনৰ বাৰ বজালৈ ৰাজ্যত মুঠ ১ কোটি ২৫ লাখ লোকক কভিড ভেক্‌চিন দিয়া হয় বুলি প্ৰকাশ তেওঁ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here