নতুন সংকট: বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে নতুন কৰ’না ভাইৰাছ

0
678

জন্তুৰ পৰা মানুহৰ গালৈ সংক্ৰমণ হ’ব পৰা ই হ’ল অষ্টমটো কৰ’না ভাইৰাছ৷ এই ভাইৰাছে সৃষ্টি কৰিব পৰা বিপদৰ বিষয়ে বিজ্ঞানীসকল এতিয়াও নিশ্চিত নহয়।

নভেল কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে বিজ্ঞানীসকলে কৰ’না ভাইৰাছৰ আন এটা প্ৰজাতি আৱিষ্কাৰ কৰিছে৷ এই কৰ’না ভাইৰাছ কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমণ হ’ব পাৰে৷ এই নতুন কৰ’না ভাইৰাছ সৰ্বপ্ৰথমে ধৰা পৰিছিল ২০১৮ চনত৷ জন্তুৰ পৰা মানুহৰ গালৈ সংক্ৰমণ হ’ব পৰা ই হ’ল অষ্টমটো কৰ’না ভাইৰাছ৷ এই ভাইৰাছে সৃষ্টি কৰিব পৰা বিপদৰ বিষয়ে বিজ্ঞানীসকল এতিয়াও নিশ্চিত নহয়। কিন্তু ই মহামাৰীৰ ৰূপ নলয় বুলি কোৱা হৈছে৷ এই ভাইৰাছবিধ কেইবাপ্ৰকাৰৰ৷ ইয়াৰে চাৰি প্ৰকাৰৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত সাধাৰণ জ্বৰ-পানী লগাৰ দৰে ৰোগ হ’ব পাৰে৷ কিন্তু ই বেছি ক্ষতিকাৰক নহয় যদিও ইয়াৰ বাকীকেইটা প্ৰজাতি মাৰাত্মক৷ কৰ’নাৰ নতুন প্ৰজাতিটোৰ নাম দিয়া হৈছে চি চি অ’ ভি-এইচ ইউ পি এন-২০১৮৷ শেহতীয়াকৈ মালয়েছিয়াত এই ভাইৰাছৰ সংক্ৰমণ হোৱা আঠজন ৰোগী ধৰা পৰিছে৷ ইয়াৰ ভিতৰত এটি সাত বছৰীয়া শিশুও আছে৷ আক্ৰান্ত শিশুটিৰ নিউমোনিয়া হয় যদিও ছদিনৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here