নতুন কৰ’না ভেক্‌চিন : দুপালি নহয়, এপালিয়েই যথেষ্ট

0
1106
দুপালি নহয়, এপালি টিকাকৰণতে আপুনি কৰ’নাৰ বিৰুদ্ধে শৰীৰত ৰোগ প্ৰতিৰোধ গঢ়িব পাৰিব৷ ভাৰতত কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সংযোজিত হয় আন এক ভেক্‌চিন৷ যাৰ এপালি প্ৰতিষেধক গ্ৰহণ কৰিলেই কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেহত প্ৰতিৰোধ গঢ়ি তুলিব পাৰিব৷ হয়– ইয়াৰ বাবে ভাৰতে অনুমোদন দিছে আমেৰিকাৰ Johnson & Johnson কোম্পানীয়ে প্ৰস্তুত কৰা জনছন এণ্ড জনছন কভিড ভেক্‌চিনক৷ মাৰ্কিন ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে কয় যে যোৱা ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমতি বিচৰা হৈছিল৷ তাৰ পাছতে জৰুৰী প্ৰয়োগৰ বাবে ভাৰতত Johnson & Johnson কোম্পানীৰ এই ভেকচিন প্ৰয়োগৰ বাবে কেন্দ্ৰই অনুমোদন দিয়ে৷ সেয়ে এতিয়াৰে পৰা কৰ’না ভাইৰাছৰ প্ৰতিষেধক হিচাপে এই ভেক্‌চিনৰ এপালিয়েই যথেষ্ট হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here