নতুনকৈ জিমলৈ গৈছে নেকি? তেনেহ’লে এইবোৰৰ পৰা আঁতৰত থাকক

0
1229


আজিকালি সকলোৱে ওজন কমাই শৰীৰ ফিট কৰি ৰখাটোত গুৰুত্ব প্ৰদান কৰিছে৷ ওজন কমাই শৰীৰটো ফিট ৰখাটো সকলোৰে বাবে এটা চেলেঞ্জ হৈছে৷ ঘৰতে শুই-বহি থকা বা খোজ-কাটল নকঢ়া আদিৰ ফলত গাৰ বিষ, কঁকালৰ বিষ আদি আনুষংগিক ৰোগে দেখা দিয়ে৷ সেয়ে যিকোনো প্ৰকাৰে ফিট হৈ থাকিবলৈ মানুহে ব্যায়াম, আসন আদিৰ লগতে জিমলৈও যায়৷ এনেদৰে জিমলৈ যোৱাসকলৰ বহুতেই প্ৰথমে উৎসাহেৰে ভুল কৰে৷ ওজন কমোৱাৰ চেষ্টাত ডায়েট, শৰীৰ চৰ্চা কৰাটো প্ৰয়োজন যদিও শৰীৰচৰ্চা কেন্দ্ৰ বা জিমত শীঘ্ৰে ওজন হ্ৰাসৰ আশাত অতিৰিক্ত ওজন দাঙা, খুব বেছি ডাম্বেলৰ এক্সাৰচাইজ কিম্বা প্ৰায় খালী পেটে থকা আদিবোৰে শৰীৰটো যথেষ্ট অপকাৰ কৰিব পাৰে৷ প্ৰতিদিনে কিমান কেলৰি শক্তি হ্ৰাস হৈছে, তাৰ হিচাপ ৰখাটো অত্যন্ত জৰুৰী৷ তেনেদৰে ডায়েটৰ ক্ষেত্ৰতো সমতা বজাই ৰাখি চলাটো ভাল৷

ৱেইট ট্ৰেনিং ট্ৰেইনাৰৰ পৰামৰ্শ মতে– জিমলৈ যোৱাৰ প্ৰথম দিনা কোনো ধৰণৰ ওজন ব্যৱহাৰ কৰিব নালাগে৷ কাৰণ তেনে কৰিলে পেশীৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক৷ প্ৰথমে ফ্ৰীহেণ্ড ব্যায়াম, ষ্ট্ৰেচিং আদিবোৰ বেছিকৈ কৰিব লাগে৷ ৱেইট লিফটিঙৰ কেইবাটাও ধাপ আছে আৰু সেই অনুসৰিহে কৰিব লাগে৷ প্ৰথমাৱস্থাত বেছি ওজন উঠালে পেশী সংকুচিত হৈ স্নায়ুৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ একেদিনাই ওজন হ্ৰাস নহয়, সেয়ে এটা টাৰ্গেট কৰি সেইমতে অভ্যাস কৰিব লাগে৷ প্ৰথম সপ্তাহতেই একেবাৰে ২০ কেজি ওজন দাঙিব নালাগে৷ তাৰ পৰিৱৰ্তে বিভিন্ন ব্যয়ামৰ সংখ্যা বঢ়াই নিব লাগে৷ প্ৰথম দুদিন দুই ছেট কৰা হ’লে তাৰ পিছৰ দিন তিনি ছেট কৰাৰ অভ্যাস কৰিব লাগে৷ এনেদৰে লাহে লাহে অভ্যাস কৰিলে ২৫ কেজিপৰ্যন্ত ওজন হ্ৰাস কৰিব পৰা যায়৷ খোৱাৰ ক্ষেত্ৰত অত্যধিক চৰ্বিযুক্ত, কাৰ্বহাইড্ৰেট থকা খাদ্য বাৰণ কৰা হয়৷ প্ৰ’টিনযুক্ত খাদ্য খাব লাগে৷ চব্জি, ফল-মূল খালেও পুষ্টি পোৱা যায়৷ এই সকলোবোৰ খাদ্য সমতা ৰক্ষা কৰি খোৱাটো যুগুত৷ কিছুমানে ভাবে জিম কৰিলে এসপ্তাহতে শৰীৰৰ ওজন কমি যাব৷ কিন্তু সেইটো শুদ্ধ নহয়৷ ধৈৰ্য ধৰি নিয়মমতে জিম কৰক৷ শৰীৰৰ ওজন কমোৱাৰ যাত্ৰাটো কিন্তু দীৰ্ঘ সময়ৰ বাবে প্ৰয়োজন হয়৷ শৰীৰৰ গঠন, শৰীৰৰ ওজনৰ পৰিমাণ আদিবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰিহে ওজন হ্ৰাসৰ সময়সীমা নিৰ্ধাৰণ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here