ধনিয়া পাতৰ আছেভালেমান উপকাৰী গুণ

0
383


প্ৰায়বোৰ ভাৰতীয় ব্যঞ্জনত ব্যৱহাৰ কৰা হয় ধনিয়া পাত৷ ইয়াৰ সুগন্ধিয়ে সকলোকে আকৰ্ষিত কৰে৷ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ধনিয়াৰ ভালেমান উপকাৰী গুণ আছে৷ শীতকালৰ পাচলিৰ বজাৰত ধনিয়া পাত সহজে পোৱা যায়৷ ধনীয়া পাত খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ ৰসো খাব পাৰে৷ ধনীয়া পাতৰ ৰস পানীত মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়৷ ধনিয়াত ভিটামিন এ, চি কেৰ উপৰি পটাচিয়াম, কেলচিয়াম আৰু মেগনেচিয়ামৰ দৰে খনিজ পোৱা যায়৷ আঁহযুক্ত ধনিয়াত বিটা কেৰ’নিৰ দৰে এণ্টিঅক্সিডেণ্টো আছে৷ ধনিয়া পাতৰ ৰসে যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে৷ ধনিয়াৰ ৰস নিয়মীয়াকৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী৷ ইয়াত থকা পটাচিয়ামে হৃৎপিণ্ড সৱল কৰি ৰখাত সহায় কৰে৷ ইয়াৰ লগতে মানসিক চাপ হ্ৰাস কৰাতো ই সহায় কৰে৷ মানুহৰ স্নায়ুসমুহে স্বাভাৱিকভাৱে কাম কৰাত সহায় কৰাৰ লগতে ভাল টোপনিতো সহায় কৰে৷ ধনিয়াই হাড় শক্তিশালী কৰাতো সহায় কৰাৰ লগতে চকুৰ বাবেও উপকাৰী৷ কেইবাটাও অধ্যয়নৰ পৰা জানিব পৰা মতে, ছালৰ পোৰণি তথা ছান বাৰ্নত ধনিয়াৰ ৰস খালে উপশম পোৱা যায়৷ ইয়াৰ লগতে ধনিয়াই পাচন শক্তি শক্তিশালী কৰাতো সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here