ধঁপাত : বৰ্তমান সময়ৰ এক মহাব্যাধি

0
1629

আমি সকলোৱে জানো যে বিশ্বব্ৰহ্মাণ্ডত সকলো জীৱৰ মাজত মানুহেই শ্ৰেষ্ঠ৷ জ্ঞান-বুদ্ধিৰ বলত মানুহে আজি যি অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে, ই কল্পনাৰো অতীত৷ কিন্তু এনেহেন জীৱশ্ৰেষ্ঠই বসবাস কৰা সমাজখনত আজি নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য, হেৰ’ইন, ড্ৰাগছ, মদ, গুট্‌খা, পাণ মছলা, ধঁপাত আদিৰ পয়োভৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ আমি সকলোৱে দেখি উপলব্ধি কৰিব পাৰিছোঁ যে এই ৰাগিয়াল দ্ৰব্যবোৰৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনৰ শাৰীৰিক, মানসিক ক্ষতি লগতে সামাজিক জীৱনত ঘটা বিশৃংখলতাই কিহৰ ইংগিত বহন কৰিছে– এই সকলোৱে আমি নজনাকৈ থকা নাই৷ বৰ্তমান যুৱ-সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আশক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ই সমাজৰ বাবে এক ভয়াৱহ সংকট বুলিব পাৰি৷
ধঁপাত, গুট্‌খা, পাণ মছলা আদি সেৱনৰ ফলত শৰীৰৰ বিভিন্ন অংগ যেনে– মুখ, কণ্ঠনলী, হাঁওফাঁও, পাকস্থলী, কিডনী, মূত্ৰনলী আদিত কেঞ্চাৰ হোৱাৰ মূল কাৰণ৷ ভাৰতত ধঁপাত সেৱনৰ বাবেই সকলোতকৈ অধিকসংখ্যক লোক মুখৰ ভিতৰত হোৱা কেঞ্চাৰত আক্ৰান্ত হয়৷ ভাৰতত ধঁপাত সেৱনৰ বাবেই ক্ৰমে ৫৬.৪ শতাংশ আৰু ৪৪.৯ শতাংশ পুৰুষ আৰু মহিলাৰ কেঞ্চাৰ হয়৷ হাঁওফাঁওৰ কেঞ্চাৰৰ ৯৩ শতাংশ হয় একমাত্ৰ ধূমপান সেৱনৰ ফলত৷
ধঁপাত সেৱন কৰিলে হৃদযন্ত্ৰ আৰু ধমনীৰ ৰোগ, হাৰ্ট এটেক, বুকুৰ বিষ, হাৰ্ট এটেকৰ বাবে হঠাৎ মৃত্যু, ষ্ট্ৰ’ক, পেৰিফেৰিয়েল ভাচকুলাৰ ৰোগ আদিৰ মূল কাৰণ৷ ভাৰতত প্ৰতিবছৰে ধঁপাত সেৱনৰ ফলত হোৱা ৰোগত আঠৰ পৰা ন লাখ লোকৰ মৃত্যু হয়৷ কৈশোৰ অৱস্থাত ধূমপান নকৰিলে এজন মানুহে বিশ বছৰ বেছি জীয়াই থাকিব পাৰে৷ ধঁপাত সেৱন কৰি হোৱা ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতিবছৰে ভাৰতত বাঢ়িব ধৰিছে৷
গুটখা বা পাণ মছলা হৈছে তেনে এবিধ নিচাযুক্ত দ্ৰব্য৷ আজিকালি অতি সহজে উপলব্ধ সকলো পাণ দোকাণ, গুমটি ওলোমাই ৰখা এইবিধ সামগ্ৰীয়ে কিদৰে যুৱপ্ৰজন্মক তিলতিলকৈ মৃত্যুৰ দুৱাৰডলিলৈ টানি নিছে, আপুনি হয়তো তাক কল্পনাও কৰিব নোৱাৰিব৷ গুট্‌খা বা পাণ মছলা জাতীয় মুখৰোচকবোৰ সাধাৰণতে আমাৰ শৰীৰৰ বাবে কিমান অপকাৰী, সেইটো ভুক্তভোগীয়েহে ভালদৰে বুজিব৷ যেতিয়া লাখৰ ঘৰত টকা খৰচ কৰিলেও ৰোগৰ একো সুফল নাপায়, তেতিয়া বুজিব ইয়াৰ মাৰাত্মক গুণৰ বিষয়ে৷ গুট্‌খা সেৱনে গোটেই শৰীৰটোৰ অপকাৰ কৰে যদিও প্ৰধানতঃ পাকস্থলী, যকৃত, বৃক্ক, হাঁওফাঁও, ছাল আদিত প্ৰত্যক্ষ প্ৰভাৱ পৰে৷ খাদ্যনলী, পাকস্থলী আদিত ঘা হ’ব পাৰে আৰু লাহে লাহে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা এশ শতাংশ দেখা দিয়ে৷ যকৃত দুৰ্বল হয়, হজম শক্তি কমি যায়, বৃক্কত পাথৰ হিচাপে জমা হৈ ইয়াক বিকল কৰি দিব পাৰে, হাঁওফাঁওত ক্ৰিয়া কৰাৰ ফলত উশাহ-নিশাহ লোৱাত কষ্ট হয়, ভাগৰুৱা অনুভৱ হয়৷ যিসকল পুৰুষে অধিক মাত্ৰাত ইয়াক সেৱন কৰে, সেইসকলৰ যৌনশক্তি হ্ৰাস পায় আৰু পাছলৈ বীৰ্ষদূষিত হোৱাৰ ফলত সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলায়৷ মহিলাই ধঁপাত বা ধূমপান কৰাৰ ফলত শৰীৰত এষ্ট্ৰোজেনৰ পৰিমাণ কমি যায়৷ ফলত মহিলাসকলৰ সময়তকৈ আগতে ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হয়৷ ধূমপান আৰু ধঁপাত সেৱনে মানুহৰ শক্তি, কৰ্মদক্ষতা আৰু সক্ষমতা কমাই দিয়ে৷ যিসকল মহিলাই গৰ্ভনিৰোধক ঔষধ খায়, তেনে মহিলাই গুট্‌খা খালে বা ধূমপান কৰিলে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি থাকে৷ গুট্‌খা অধিক সেৱনৰ ফলত পুৰুষ-মহিলা উভয়ৰে ওপৰত বসয়ৰ চাপ পেলায়৷ চুলি পকিবলৈ ধৰে, ছাল কোঁচ খাই পৰে, ছালৰ ৰং হালধীয়া বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ উপৰি যিসকলে অধিক পৰিমাণে গুট্‌খা খায়, তেওঁলোকৰ মুখৰ দুৰ্গন্ধত ওচৰলৈ যাব নোৱৰা হয়, তেনে লোকৰ শৰীৰৰ পৰা ওলোৱা ঘাম দুৰ্গন্ধযুক্ত হয়৷
ধঁপাত বা পাণ মছলা সেৱনৰ অভ্যাস ত্যাগ কৰিলে কি সুফল পাওঁ– হাৰ্টৰ ৰোগ বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে৷ হাৰ্টৰ ওপৰত হেঁচা কমিব৷ ফলত হাৰ্টে নিয়াৰিকৈ কাৰ্য সম্পাদন কৰিবলৈ সুবিধা পাব৷ ধূমপানৰ ফলত হোৱা কাহ, কফ আদি কমি যাব৷ দাঁতবোৰ উজ্জ্বল আৰু পৰিষ্কাৰ হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here