দৈনিক সংক্ৰমণত আমেৰিকাক চেৰ পেলাই বিশ্বত প্ৰথম স্থানত ভাৰত

0
1446

ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১ লাখ ৮২ হাজাৰ ৫৫৩ হৈছেগৈ৷

 কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৰ মাজত ভাৰতৰ কভিড-১৯ পৰিস্থিতিৰ অৱনতি অব্যাহত আছে৷ যোৱা ২১ এপ্ৰিলৰ পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশখনত নতুনকৈ ২ লাখ ৯৫ হাজাৰ ৪১জন লোকৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ হয় আৰু ২,০২৩জন লোকৰ মৃত্যু হয়৷ মহামাৰী আৰম্ভ হোৱাৰ পৰা এদিনত সংক্ৰমণ আৰু মৃত্যু এয়ে সৰ্বাধিক৷ দেশখনত সংক্ৰমণ হোৱা লোকৰ সংখ্যা এতিয়া ১ কোটি ৫৬ লাখ ১৬ হাজাৰ ১৩০লৈ বৃদ্ধি পালে৷ তাৰ ভিতৰত সক্ৰিয় ৰোগীৰ সংখ্যা ২১ লাখ ৫৭ হাজাৰ ৫৩৮৷ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১ লাখ ৮২ হাজাৰ ৫৫৩ হৈছেগৈ৷ দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ ভিতৰত ভাৰত প্ৰথমত আছে৷ দৈনিক মৃত্যু হোৱা লোকৰ ক্ষেত্ৰতো অভিলেখ সৃষ্টি হৈছে৷ এদিনত আক্ৰান্ত লোকৰ হিচাপত ভাৰতে আমেৰিকাক চেৰ পেলালে৷ এই বছৰৰ জানুৱাৰীত আমেৰিকাত এদিনত আক্ৰান্ত লোকৰ সংখ্যা আছিল ২ লাখ ৮৯ হাজাৰ ১৯৫৷ সেই হিচাপত আজি ভাৰতে দৈনিক সংক্ৰমণৰ অভিলেখ ভংগ কৰিলে৷ তদুপৰি এদিনত মৃত্যু হোৱা লোকৰ ক্ষেত্ৰতো ভাৰতে অভিলেখ সৃষ্টি কৰিলে৷ বিগত ২৪ ঘণ্টাত মৃত্যু হয় ২,০২৩জনৰ৷ মুঠ আক্ৰান্ত লোকৰ হিচাপত সমগ্ৰ পৃথিৱীৰ ভিতৰত প্ৰথম স্থানত আছে আমেৰিকা, দ্বিতীয় স্থানত ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here