দেহৰ অতিৰিক্ত চৰ্বি কি মাধ্যমেৰে বাহিৰ হয়?

0
2207

ওজন বৃদ্ধিৰ সমস্যাটো প্ৰায়ভাগ লোকৰে এটা মূৰৰ কামোৰণি হৈ পৰিছে৷ সেয়েহে দেহৰ ওজন হ্ৰাস কৰিবৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰা দেখা যায়৷ ইয়াৰ ভিতৰত আসন, প্ৰাণায়াম, যোগ, খাদ্যাভ্যাসৰ পৰিৱৰ্তন, খোজকঢ়া, দৌৰা, জঁপিওৱা আদি৷ এনেধৰণেৰে শৰীৰৰ ওজন হ্ৰাস হোৱাৰ লগতে কেলৰিৰ মাত্ৰাও কমে৷ যি কি নহওক, এনেধৰণেৰে কেলৰিৰ মাত্ৰা কমাৰ ফলত শৰীৰৰ অতিৰিক্ত চৰ্বিসমূহ যায় ক’ত? আপুনি হয়তো ভাবিব পাৰে যে এই চৰ্বিসমূহ ঘাম, প্ৰস্ৰাৱ আদিৰ মাধ্যমেৰে বাহিৰ হয়৷ কিন্তু অবিশ্বাস্য হ’লেও সত্য যে ইয়াৰে প্ৰায়ভাগ চৰ্বি হাঁওফাঁওৰ জৰিয়তে শৰীৰৰ পৰা নিষ্কাশন হয়৷ ২০১৪ চনত ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত এক তথ্যৰ পৰা জানিব পৰা গৈছে যে দেহৰ অতিৰিক্ত চৰ্বিৰ ৮৪ শতাংশ কাৰ্বন-ডাই-অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু হাঁওফাঁওৰ মাধ্যমেৰে বাহিৰ হয় আৰু বাকী ৰোৱা ১৬ শতাংশ চৰ্বি পানীলৈ ৰূপান্তৰ হয়৷ এই পানী শৰীৰৰ পৰা প্ৰস্ৰাৱ, ঘাম, চকু পানী, মল বা বিষ্ঠা আদিৰ মাধ্যমেৰে নিষ্কাশিত হয়৷ ইয়াৰ ফলাফলত গম পোৱা গ’ল যে ওজন হ্ৰাসৰ ক্ষেত্ৰত হাঁওফাঁও এটা প্ৰাথমিক অংগ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here