দেশৰ ভিতৰতে সকলোতকৈ বাসোপযোগী চহৰ কোনখন জানেনে?

0
1496

দেশৰ ভিতৰতে সকলোতকৈ বাসোপযোগী চহৰ কোনখন? শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে চলোৱা এক সমীক্ষাত দেশৰ ভিতৰতে সকলোতকৈ বাসোপযোগী চহৰৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে বেংগালুৰুৱে৷ দ্বিতীয় স্থানত আছে পুনে৷ তৃতীয় স্থানত আহমেদাবাদ আৰু চতুৰ্থ, পঞ্চম স্থানত আছে ক্ৰমে চেন্নাই আৰু চুৰাট৷ আনহাতে ১০ লাখ জনসংখ্যাতকৈ কম লোকে বাস কৰা বাসোপযোগী চহৰৰ তালিকাত সকলোতকৈ প্ৰথম স্থানত আছে ছিমলা৷ দ্বিতীয় স্থানত আছে ভুৱনেশ্বৰ আৰু তৃতীয় স্থানত আছে ছিলভাছা৷ একেদৰে ১০ লাখ জনসংখ্যাতকৈ কম লোকে বাস কৰা মিউনিচিপালিটিৰ তালিকাত প্ৰথম ইন্দোৰ আৰু ১০ লাখ জনসংখ্যাতকৈ অধিক লোকে বাস কৰা মিউনিচিপালিটিৰ তালিকাত নতুন দিল্লীয়ে প্ৰথম স্থান লাভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী হৰদীপ সিং পুৰিয়ে প্ৰকাশ কৰা মতে চহৰসমূহত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড, অৰ্থনৈতিক অৱস্থা, সুৰক্ষাৰ দিশসমূহ চালি-জাৰি চাই ‘এজ অব্‌ লিভিং ইনডেক্স’ আৰু ‘মিউনিচিপালিটি পাৰ্ফৰমেন্স ইনবক্স’ শীৰ্ষক এই তালিকা দুখন প্ৰস্তুত কৰা হৈছে৷ উক্ত তালিকাৰ পৰাই স্পষ্ট হৈ পৰিছে দেশৰ ভিতৰতে কোনখন চহৰ সকলোতকৈ বাসোপযোগী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here