দেশৰ ভিতৰতে ব্লেক কাৰ্বননিৰ্গমণৰ শীৰ্ষত গুৱাহাটী

0
214


বায়ু প্ৰদূষণ বৃদ্ধিয়ে দেশৰ বিভিন্ন চহৰ-নগৰসমূহৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ অত্যধিক মাত্ৰাত হোৱা বায়ু প্ৰদূষণৰ ফলত আমি কেইবছৰমান আগতে দেখিবলৈ পোৱা নীলা আকাশখন যেন ক’ৰবাত হেৰাই থাকিল৷ এতিয়া চাৰিওফালে কেৱল ধোঁৱা আৰু ধূলিৰ সমাহাৰ৷ বিশুদ্ধ বায়ুৰ স্থানত লৈছে যান-বাহন, কল-কাৰখানাৰ পৰা ওলোৱা দূষিত ধোঁৱাই৷ যাৰ ফলত দিনক দিনে বায়ু অত্যধিক মাত্ৰা প্ৰদূষিত হৈ আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যবোৰৰ দৰে ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰো৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা এক তথ্য মতে অসমৰ গুৱাহাটী মহানগৰ ব্ৰেক কাৰ্বন নিৰ্গমণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিছে৷ তথ্য মতে গুৱাহায়ীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনা ৰাজ্যৰ চহৰবোৰ বিষাক্ত বায়ুৰ কবলত পৰিছে৷ দিল্লীস্থিত বতৰ আৰু পৰিৱেশ কেন্দ্ৰৰ পৰা প্ৰকাশিত তথ্য মতে অসমকে ধৰি উঃ-পূঃৰ ৰাজ্যসমূহত ভয়াৱহ ৰূপত বায়ু প্ৰদূষণৰ মাত্ৰী বৃদ্ধি পাইছে৷ অসমৰ গুৱাহাটীৰ লগতে নগাঁও, শিৱসাগৰ, শিলচৰ আৰু নলবাৰীত বায়ুৰ মান নিম্নস্তৰত আছে৷ অধ্যয়নত প্ৰকাশিত তথ্য মতে গুৱাহাটী মহানগৰীৰ ২০১৮-১৯ চনত ব্লেক কাৰ্বন নিৰ্গমণ আছিল প্ৰায় ১৯.৩৮ জিজি৷ জনা মতে ইয়াৰ অপৰিকল্পিতভাৱে মুকলিলৈ গোটা আৱৰ্জনা দাহন কৰি থকাৰ ফলতে এইদৰে ব্লেক কাৰ্বনৰ নিৰ্গমণ বৃদ্ধি হৈ আহিছে৷ উল্লেখ্য যে আই আই টিৰ গুৱাহাটীৰ গৱেষক অৰ্ধেন্দু শেখৰ চৌধুৰীয়ে গুৱাহাটী মহানগৰীৰ ঘাইপথত গৱেষণা চলাই ব্লেক কাৰ্বনৰ পৰ্যায় বিপজ্জনক মাত্ৰা থকা বুলি পোহৰলৈ আনিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here