Home Daily news দেশৰ বুজন অংশই সেৱন কৰিছে প্ৰদূষিত পানী

দেশৰ বুজন অংশই সেৱন কৰিছে প্ৰদূষিত পানী

ভাৰতৰ জনসংখ্যাৰ এটা বুজন অংশই প্ৰদূষিত পানী খাই আছে৷ ৰাজ্য সভাত সোধা এটা প্ৰশ্নৰ উত্তৰত জল শক্তি দপ্তৰৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী বিশ্বেশ্বৰ টুডুৱে দিয়া উত্তৰত ওলাই পৰে যে ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ২০৯খন জিলাত ভূগৰ্ভৰ পানীত আৰ্ছেনিক আছে৷ ১৮ খন ৰাজ্যৰ ১৫২খন জিলাৰ পানীত ইউৰেনিয়ামো পোৱা গৈছে৷ 
টুডুৱে দিয়া তথ্য মতে, ২১খন ৰাজ্যৰ ১৭৬খন জিলাত ভূগৰ্ভৰ পানীত সীহ পোৱা গৈছে৷ সেইদৰে ২৯খন ৰাজ্যৰ ৪৯১খন জিলাত খোৱাপানীত লো, ১১খন ৰাজ্যৰ ২৯খন জিলাত কেডমিয়াম আৰু ১৬খন ৰাজ্যৰ ৬২খন জিলাত ক্ৰমিয়ামৰ উপস্থিতি ধৰা পৰিছে৷ উল্লেখ্য যে নিৰ্দিষ্ট পৰিমাণতকৈ খোৱাপানীত বেছি আৰ্ছেনিক, লো, সীহ, ক্ৰমিয়াম থাকিলে মানুহৰ বিভিন্ন ৰোগ, যেনে– ছালৰ ৰোগ, কৰ্কট ৰোগ, স্নায়ুৰ ৰোগ, এলঝেইমাৰ ৰোগ, পাৰ্কিন্‌ছনছ, বৃক্কৰ ৰোগ, পেটৰ ৰোগ, টেমুনা আদি হয়৷ ভাৰতৰ ভূগৰ্ভৰ জলত বিভিন্ন ধাতু অতিৰিক্ত মাত্ৰাত আছে

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...