দেশত ২৪ ঘণ্টাত ৩.৬ লাখ আক্ৰান্ত

0
2007

দেশত কৰ’না সংক্ৰমণে প্ৰতিদিনে বিশ্ব অভিলেখ সৃষ্টি কৰি থকাৰ সময়তে কভিড-১৯ত মৃত্যুৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিলে৷ এতিয়া মৃত্যুৰ সংখ্যাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল আৰু মেক্সিকোৰ পাছতে অৱস্থান কৰিলে ভাৰতে৷ ২৯ এপ্ৰিলৰ পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে, বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩ লাখ ৭৯ হাজাৰ ২৫৭জন লোকৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ হয় আৰু ৩,৬৪৫জন লোকৰ মৃত্যু হয়৷ এই দুয়োটাই নতুন অভিলেখ৷ শেহতীয়া সংক্ৰমণকে ধৰি দেশখনত সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি ৮৩ লাখ ৭৬ হাজাৰ ৫২৪ আৰু মৃতকৰ সংখ্যা ২,০৪,৮৩২লৈ বৃদ্ধি হ’ল৷ এই ৰোগৰ পৰা ১ কোটি ৪৮ লাখ ১৭,৩৭১ আৰোগ্য লাভ কৰিছে৷ আনহাতে মৃত্যুৰ হাৰ ১.১২ শতাংশ৷ সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ২৯ লাখ ৭৮ হাজাৰ ৭০৯লৈ৷ ইফালে আৰোগ্য লাভৰ ৰাষ্ট্ৰীয় হাৰ ৮২.৩৩ শতাংশলৈ হ্ৰাস পাইছে৷ এইপৰ্যন্ত মৃত্যু হৈছে ২ লাখ ১,১৮৭৷ দেশত বৰ্তমানলৈকে ১৪,৭৮,২৭,৩৬৭ গৰাকী লোকক কভিড ভেকচিন প্ৰদান কৰা হৈছে৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে দেশৰ ১৫০খন জিলাত লকডাউন ঘোষণাৰ বাবে প্ৰস্তুত হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ এখন উচ্ছ পৰ্যায়ৰ বৈঠকত ১৫ শতাংশৰ বেছি পজিটিভ হাৰ থকা দেশৰ ১৫০খন জিলাক বাছনি কৰি তাত লকডাউনৰ প্ৰস্তাৱ দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here