দেশত সম্পূৰ্ণ লকডাউনৰ পোষকতা এইমছৰ সঞ্চালকৰ

0
2200

কৰ’নাৰ শিকলি ভাঙিবৰ বাবে নৈশ সান্ধ্য আইন আৰু সাপ্তাহান্তিক লকডাউন পৰ্যাপ্ত নহয়৷ কৰ’নাৰ শৃংখল ভাঙিবৰ বাবে সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন বুলি তেওঁ কয়৷ বৰ্তমান কৰ’নাৰ শৃংখল ভঙাৰ প্ৰয়োজন আৰু তাৰ বাবে দেশত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন৷

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে কালৰূপ ধাৰণ কৰাৰ সময়তে দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্‌ছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই এইবুলি সতৰ্ক কৰি দিয়ে যে যদিহে দেশত এতিয়াই কঠোৰ লকডাউন বলৱৎ কৰা নহয় তেতিয়া দেশ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ কবলত পৰিব৷ তেওঁ লগতে কয় যে এতিয়ালৈকে দেখা পোৱা অনুসৰি যদি ভৱিষ্যতেও একে অৱস্থা চলি থাকে তেতিয়া ভাইৰাছ অধিক শক্তিশালী হৈ গৈ থাকিব আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিধ্বস্ত কৰি পেলাব, তেতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব৷ তেওঁৰ মতে, কৰ’নাৰ শিকলি ভাঙিবৰ বাবে নৈশ সান্ধ্য আইন আৰু সাপ্তাহান্তিক লকডাউন পৰ্যাপ্ত নহয়৷ কৰ’নাৰ শৃংখল ভাঙিবৰ বাবে সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন বুলি তেওঁ কয়৷ বৰ্তমান কৰ’নাৰ  শৃংখল ভঙাৰ প্ৰয়োজন আৰু তাৰ বাবে দেশত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন৷ তেওঁ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰা, লকডাউন বলৱৎ কৰা আৰু টিকাকৰণত গুৰুত্ব আৰোপ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here