দেশত পুনৰ লকডাউনৰ সম্ভাৱনা

0
837
দেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে সৃষ্টি কৰা হাহাকাৰৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে পুনৰ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ উচ্ছতম ন্যায়ালয়ে যোৱা ৩ মে’ত কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লকডাউন বলৱৎ কৰাৰ কথা বিবেচনা কৰিব পাৰে৷ উল্লেখ্য যে দেশৰ কেইবাখনো ৰাজ্যত সংক্ৰমণ প্ৰতিৰোধৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে যদিও সংক্ৰমণ হ্ৰাস পোৱা নাই৷ উচ্ছতম ন্যায়ালয়ে শুনানি লৈ কয় যে সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগোৱা সামাজিক সমাৰোহ তথা আন অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰিবলৈও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিয়া হৈছে৷ আদালতে কয় যে জনকল্যাণৰ প্ৰতি লক্ষ্য ৰাখি কৰ’নাৰ দ্বিতীয়টো ঢৌক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰসমূহে লকডাউন বলৱৎ কৰাৰ কথা বিবেচনা কৰিব পাৰে৷ ইয়াৰ লগতে দুসপ্তাহৰ ভিতৰত চিকিৎসালয়ত কৰ’নাত আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱাৰ বাবে এক ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিবলৈ আদালতে চৰকাৰক নিৰ্দেশ দিয়ে৷ আদালতে টিকাকৰণৰ প্ৰসংগতো ৰাষ্ট্ৰীয় নীতি বিচাৰিছে কেন্দ্ৰৰ পৰা৷ ইফালে কৰ’নাৰ ভয়াৱহ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউন বলৱৎ কৰাৰ পক্ষে মত পোষণ কৰিছে কভিড বিষয়ক ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চে৷ আই চি এম আৰৰ মুৰব্বী আৰু দিল্লীস্থিত এইমছৰ সঞ্চালক সদস্যৰূপে থকা টাস্ক ফ’ৰ্চৰ মতে এতিয়া সমগ্ৰ দেশতে দুসপ্তাহৰ বাবে লকডাউনৰ প্ৰয়োজন হৈছে, যাতে কৰ’নাৰ গণসংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে প্ৰকাশ কৰে যে সমগ্ৰ দেশতে লকডাউনৰ কোনো আঁচনি কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই৷ তেওঁলোকৰ মতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰসমূহে লকডাউন বলৱৎ কৰাৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰে৷ কেন্দ্ৰীয় চৰকাৰৰ মতে লকডাউনৰ ফলত প্ৰব্ৰজনকাৰী শ্ৰমিকসকল প্ৰভাৱিত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here