দেশত পুনৰ লকডাউনৰ পোষকতা

0
794

দেশত এতিয়া ৰাজ্যিক বা জিলা পৰ্যায়ৰ লকাউনতকৈ দেশজোৰা লকডাউনৰহে প্ৰয়োজন হৈছে, কিয়নো সংক্ৰমণ চৌদিশে বিয়পিছে৷

ভাৰতত কৰ’নাৰ সংক্ৰমণে কাল ৰূপ ধাৰণ কৰিছে৷ পৰিস্থিতি দিনক দিনে নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে৷ এনে অৱস্থাত সংক্ৰমণ প্ৰতিৰোধৰ বাবে কভিড বিষয়ত চৰকাৰক পৰামৰ্শ দিবলৈ বিশেষজ্ঞসকলক লৈ গঠন কৰা টাস্ক ফ’ৰ্চৰ অধিকাংশ সদস্যই দেশত পুনৰ লকডাউন বলৱৎ কৰিবলৈ হেঁচা দিছে৷ উক্ত টাস্ক ফ’ৰ্চত নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ  মুৰব্বীও সদস্যৰূপে আছে৷ তেওঁলোকে বিগত কেইবাদিনত কেইবাবাৰো বৈঠকত মিলিত হৈছে আৰু প্ৰতিবাৰেই লকডাউনত গুৰুত্ব আৰোপ কৰিছে৷ উল্লেখ্য যে নিটি আয়োগৰ সদস্য ডাঃ ভি কে পাল এই টাস্ক ফ’ৰ্চৰ অধ্যক্ষৰ পদত আছে৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি টাস্ক ফ’ৰ্চৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ উল্লেখ্য যে যোৱা ২০ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত দেশক লকডাউনৰ পৰা বচাই ৰখা উচিত বুলি কৈছিল৷ তাৰ পাছতো টাস্ক ফ’ৰ্চৰ সদস্যসকলে দেশজোৰা লকডাউনৰ পোষকতা কৰিছে৷ এজন সদস্যই  কয় যে যোৱা কেইসপ্তাহমানত কৰ’নাৰ সংক্ৰমণ অধিক ভয়াৱহ হৈ পৰিছে৷ এনে অৱস্থাত দেশত লকডাউন বলৱৎ কৰা উচিত বুলি আমি শীৰ্ষ পৰ্যায়ৰ নেতাসকলক জনাইছোঁ৷ তেওঁ লগতে কয় যে দেশত এতিয়া ৰাজ্যিক বা জিলা পৰ্যায়ৰ লকাউনতকৈ দেশজোৰা লকডাউনৰহে প্ৰয়োজন হৈছে, কিয়নো সংক্ৰমণ চৌদিশে বিয়পিছে৷ তেওঁ কয় যে আমি সুৰংগটোৰ ভুল দিশটোহে চাইছোঁ৷ স্বাস্থ্য আন্তঃগাঁথনি অনিৰ্ধাৰিত সময়লৈ সম্প্ৰসাৰণ কৰিব নোৱাৰি, ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত অক্সিজেনৰ যোগান বৃদ্ধি কৰা সত্ত্বেও নাটনিৰ সৃষ্টি হৈছে৷ আমি সংক্ৰমণৰ সংখ্যা হ্ৰাস কৰিবই লাগিব৷ ই হ’ল মানুহৰ পৰা মানুহলৈ হোৱা সংক্ৰমণ৷ আমি যদি কমেও দুসপ্তাহৰ বাবে তাক  প্ৰতিৰোধ কৰিব পাৰোঁ, তেতিয়া আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিব পাৰিম৷ ই মৃত্যুৰ হাৰো হ্ৰাস কৰিব৷ বিশেষজ্ঞসকলৰ মতে ভাৰতত সংক্ৰমণ প্ৰতিৰোধৰ একমাত্ৰ বৈজ্ঞানিক উপায়টো হ’ল লকডাউন৷ টাস্ক ফ’ৰ্চৰ সদস্যসকলৰ মতে, দেশত কৰ’নাৰ গণ সংক্ৰমণ হৈছে৷ গতিকে এনে অৱস্থাত টেষ্টিং, ট্ৰেকিং আৰু ট্ৰেচিং বৰ বেছি গুৰুত্বপূৰ্ণ হৈ থকা নাই৷ ইয়াৰ একমাত্ৰ সমাধান হ’ল সকলোকে পজিটিভ বুলি ধৰি লৈ পৰস্পৰক পৰস্পৰৰ সংস্পৰ্শলৈ অহাত বাধা দিয়াটো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here