দেশত নকল ৰেমডেছিভিৰ পয়োভৰ

0
1036

তেওঁলোকে ৰেমডেছিভিৰৰ এবটল নকল ঔষধৰ ইনজেক্‌শ্যন প্ৰস্তুত কৰোঁতে ব্যয় কৰিছিল ৮০ টকা৷ এই ইনজেক্‌শ্যন দালালক ৬ হাজাৰ টকাত বিক্ৰী কৰিছিল৷ দালালে প্ৰতিপালিত ৩৫-৪০ হাজাৰ টকাত দেশৰ বিভিন্ন স্থানলৈ যোগান ধৰিছিল৷

কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ দেশত বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে দেশত নকল ঔষধৰ পয়োভৰ ঘটিছে৷ মানুহৰ জীৱন-মৃত্যুক লৈ খেলা কৰি নকল ঔষধ প্ৰস্তুত কৰাৰ খবৰে সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে৷ গুজৰাটৰ ছুৰাটৰ এটা কোম্পানীয়ে মানুহৰ জীৱনক লৈ হেতালি খেলা কাৰ্যই সকলোৰে চকু কপালত তুলিছে৷ ছুৰাটৰ মাস্ক আৰু গ্ল’ভছৰ ব্যৱসায় কৰা কৌশল ভোৰা আৰু তেওঁৰ সহযোগী পুনীত শ্বাহে নকল ৰেমডেছিভিৰ তৈয়াৰ কৰি সমগ্ৰ দেশলৈ যোগান ধৰে৷ তেওঁলোকে পুৰণা সামগ্ৰীৰ বেচা-কিনা কৰা স্থানৰ পৰা ব্যৱহাৰ কৰা ঔষধৰ বটল সংগ্ৰহ কৰে৷ তাত তেওঁলোকে নিমখ আৰু গ্লুক’জ পানী ভৰাই মুম্বাইত ইয়াৰ লেবেল লগোৱায়৷ তাৰ পাছত সমগ্ৰ দেশত যোগান ধৰিছিল৷ তেওঁলোকে ৰেমডেছিভিৰৰ এবটল নকল ঔষধৰ ইনজেক্‌শ্যন প্ৰস্তুত কৰোঁতে ব্যয় কৰিছিল ৮০ টকা৷ এই ইনজেক্‌শ্যন দালালক ৬ হাজাৰ টকাত বিক্ৰী কৰিছিল৷ দালালে প্ৰতিপালিত ৩৫-৪০ হাজাৰ টকাত দেশৰ বিভিন্ন স্থানলৈ যোগান ধৰিছিল৷ ইতিমধ্যে দেশৰ বিভিন্ন স্থানলৈ প্ৰায় এক লাখ পালি নকল ঔষধ প্ৰেৰণ কৰা হয়৷ অপৰাধী দুটাৰ পৰা এক লাখ পালি নকল ঔষধ জব্দ কৰা হৈছে৷ আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱসায়ী দুজনৰ লগতে মধ্য প্ৰদেশ, মুম্বাইকে ধৰি কেইবা ঠাইৰ পৰা ১৭জন লোকক গ্ৰেপ্তাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here