দেশত এদিনত ৭২,৩৩০জনলৈ কৰ’নাৰ সংক্ৰমণ

0
1082


ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ ঢৌৱে পুনৰ সংহাৰ ৰূপ ধাৰণ কৰিছে৷ দেশখনত কালি ৭২,৩৩০ লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হয়৷ প্ৰায় ছমাহৰ পাছত কালি দেশত সৰ্বাধিকসংখ্যক লোকৰ সংক্ৰমণ হয়৷ কালি ভাৰতত বছৰটোৰ ভিতৰতে সৰ্বাধিক সংখ্যক ৪৫৯ লোকৰ মৃত্যু হয়৷ ইয়াকে ধৰি দেশখনত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১,২২,২১,৬৬৫ বৃদ্ধি পায়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে, যোৱা ২২ দিনত সংক্ৰমণ হোৱা লোকৰ সংখ্যা একেৰাহে বৃদ্ধি পাই আছে৷ দেশত বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হ’ল ৫,৮৪,০৫৫৷ মহাৰাষ্ট্ৰত এই ৰোগৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে৷ ৰাজ্যখনত প্ৰতি ঘণ্টাত ১৩৮৮জনৰ সংক্ৰমণ হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ৫৪,৬৪৯ লোকৰ সংক্ৰমণ হোৱাৰ লগতে ২২৭জন লোকৰ মৃত্যু হয়৷ ৰাজ্যখনত তিনি দিনত প্ৰায় এক লাখ লোকৰ সংক্ৰমণ হয়৷ ইফালে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মধ্য প্ৰদেশৰ উপৰি দিল্লী, পঞ্জাব, মহাৰাষ্ট্ৰ আৰু ছট্টিশগড়সহ ৯ খন ৰাজ্যত অষ্টম শ্ৰেণীলৈকে স্কুল বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজস্থানতো পঞ্চম শ্ৰেণীলৈকে স্কুল বন্ধ ঘোষণা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here