দেশত এদিনত ৪,১২,২৬২জন লোকৰ কৰ’নাৰ সংক্ৰমণ

0
1381

আক্ৰান্তৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত ৰৈছে ভাৰত৷ আমেৰিকাৰ পাছতে এতিয়া ভাৰতৰ স্থান৷

দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ ফলত জনসাধাৰণে দিক্‌বিদিক হেৰুৱাই পেলাইছে৷ কৰ’নাৰ সংহাৰ ৰূপে দেশক অভূতপূৰ্ব সংকটত নিমজ্জিত কৰিছে৷ নিতৌ নতুন অভিলেখৰ সৃষ্টি কৰি আহিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশখনত নতুনকৈ ৪ লাখ ১২ হাজাৰ ২৬২জন লোকৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ হয় আৰু ৩ হাজাৰ ৯৮০জন লোকৰ মৃত্যু হয়৷ এই সময়ছোৱাত চিকিৎসালয়সমূহৰ পৰা ৩ লাখ ৩৮ হাজাৰ লোকক যাবলৈ দিয়া হয় বা তেওঁলোকে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰে৷ দেশখনত এইপৰ্যন্ত কভিডৰ পৰা ১ কোটি ৬৯ লাখ লোকে আৰোগ্য লাভ কৰিছে৷ বৰ্তমান দেশখনত সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৩৪ লাখ ৮৭ হাজাৰতকৈও বেছি৷ এই লোকসকল হয় চিকিৎসালয়ত বা ঘৰত আছুতীয়াকৈ আছে৷ মুঠ আক্ৰান্ত লোকৰ ভিতৰত বৰ্তমান সক্ৰিয় ৰোগী প্ৰায় ১৬.৮৭ শতাংশ৷ দেশখনত এইপৰ্যন্ত কভিডত মৃত্যু হৈছে ২ লাখ ২৬ হাজাৰ ১৮৮জন লোকৰ৷ স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে নতুনকৈ সংক্ৰমণ হোৱা লোকসকলৰ ভিতৰত প্ৰায় ৭৫ শতাংশ ১০খন ৰাজ্যৰ৷ ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই কয় যে কৰ্ণাটক, কেৰালা, অন্ধ্ৰপ্ৰদেশ, পশ্চিম বংগ, দিল্লী, বিহাৰ, তামিলনাডু, মহাৰাষ্ট্ৰকে ধৰি দহখন ৰাজ্যত কৰ’নাৰ দ্ৰুত সংক্ৰমণ অব্যাহত আছে৷ আনহাতে আক্ৰান্তৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত ৰৈছে ভাৰত৷ আমেৰিকাৰ পাছতে এতিয়া ভাৰতৰ স্থান৷ আনহাতে কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত হিমাচল প্ৰদেশত দহদিনীয়া লকডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ অহা ৭ মে’ৰ পৰা ১৬ মে’লৈ ৰাজ্যখনত দহ দিনৰ বাবে লকডাউন বলৱৎ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here