দেশত এদিনত ১.৫ লাখতকৈ অধিক লোকৰ কৰ’নাৰ সংক্ৰমণ

0
1813

দেশত কৰ’নাৰ সংক্ৰমণ হোৱা মুঠ লোকৰ সংখ্যা ১,৩৩,৫৮,৮০৫লৈ বৃদ্ধি পাইছে৷

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণে সকলো অভিলেখ ভংগ কৰিছে৷ যোৱা ১০ এপ্ৰিলত দেশত প্ৰথমবাৰৰ বাবে ডেৰ লাখতকৈ অধিক লোকৰ সংক্ৰমণ হয়৷ ইয়াৰ লগতে চিকিৎসাধীন ৰোগীৰ সংখ্যাও প্ৰথমবাৰলৈ ১১ লাখতকৈ অধিক হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ১১ এপ্ৰিলত পুৱা ৮ বজাত দিয়া তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১,৫২,৮৭৯ লোকৰ নতুনকৈ কৰ’নাৰ সংক্ৰমণ হৈছে৷ ইয়াৰ লগে লগে দেশত কৰ’নাৰ সংক্ৰমণ হোৱা মুঠ লোকৰ সংখ্যা ১,৩৩,৫৮,৮০৫লৈ বৃদ্ধি পাইছে৷ ইফালে ১০ এপ্ৰিলত দেশত এই ৰোগত আক্ৰান্ত হৈ চলিত বছৰত সৰ্বাধিক ৮৩৯ লোকৰ মৃত্যু হয়৷ যোৱা বছৰ ১৮ অক্টোবৰৰ পাছত দেশত এদিনত ইমান বৃহৎসংখ্যক লোকৰ মৃত্যু হয় কৰ’নাত আক্ৰান্ত হৈ৷ ভাৰতত এই ৰোগত আক্ৰান্ত হৈ এইপৰ্যন্ত ১,৬৯,২৭৫ লোকৰ মৃত্যু হৈছে৷ দেশত বৰ্তমান এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হ’ল ১১,০৮,০৮৭৷ আনহাতে এদিনত ডেৰ লাখতকৈ অধিক লোকৰ সংক্ৰমণ হোৱা ভাৰত আমেৰিকাৰ পাছতে বিশ্বৰ ভিতৰত দ্বিতীয়খন দেশৰূপে পৰিগণিত হৈছে৷ ১০ এপ্ৰিলত তুলনাত ভাৰতত ১১ এপ্ৰিলত ৰোগীৰ সংখ্যা ৫% বৃদ্ধি পাইছে৷ ইফালে দেশত মাত্ৰ ছদিনৰ ভিতৰত এদিনত কৰ’নাৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা এক লাখৰ পৰা ডেৰ লাখলৈ বৃদ্ধি পায়৷ ভাৰতত কৰ’নাৰ সংক্ৰমণৰ প্ৰথমটো ঢৌত ছেপ্টেম্বৰত এদিনত সৰ্বাধিক ৯৮,৭৯৫ লোকৰ সংক্ৰমণ হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here