দেশখনত কৰ’না সংক্ৰমণ প্ৰথমবাৰলৈ কমে

0
761


এমাহতকৈও বেছি সময়ত ভাৰতত দৈনিক কভিড-১৯ ৰ সংক্ৰমণ হোৱা লোকৰ সংখ্যা প্ৰথমবাৰৰ বাবে কমিছে৷ যোৱা ১ মে’ত দেশখনত নতুনকৈ ৩ লাখ ৯২ হাজাৰ ৪৮৮জন লোকৰ কভিড-১৯ৰ সংক্ৰমণ হয়৷ তাৰ আগদিনা সংক্ৰমণ হৈছিল ৪ লাখ ১৯৯৩জনৰ৷ অৰ্থাৎ যোৱা ১ মে’ত সংক্ৰমিত লোকৰ সংখ্যা প্ৰায় ৯৫০০ কমে৷ দৈনিক সংক্ৰমণ হ্ৰাস পোৱা এমাহত এয়ে প্ৰথম৷ ভালেমান ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত সংক্ৰমণ বৃদ্ধিৰ কাৰণে দেশখনত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা অহৰহ বাঢ়িয়েই আছে৷ ফলত আৰোগ্য লাভৰ হাৰো অহৰহ কমি গৈ আছে৷ অৱশ্যে এই মহামাৰীৰ পৰা যোৱা ১ মে’ত এদিনতে তিনি লাখৰো অধিক লোকে আৰোগ্য লাভ কৰে৷
আনহাতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কয় যে বিগত ২৪ ঘণ্টাত ৩ লাখ ৭ হাজাৰৰো অধিক ৰোগীয়ে আৰোগ্য লাভ কৰে৷ দেশখনত এইপৰ্যন্ত ১ কোটি ৫৯ লাখৰো অধিক লোকে আৰোগ্য লাভ কৰিছে৷ অৱশ্যে নতুনকৈ সংক্ৰমণ হৈ থকাৰ কাৰণে আৰোগ্য লাভৰ হাৰ ৮১.৭৭ শতাংশলৈ হ্ৰাস পাইছে৷ দেশখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৩৩.৫ লাখ৷ যোৱা ৩ মে’ত দেশখনত ৩,৪১৭জন লোকৰ মৃত্যু হয় আৰু ইয়াকে ধৰি এইপৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা ২ লাখ ১৮ হাজাৰৰো অধিক হ’লগৈ৷ উল্লেখ্য যে গোটেই এপ্ৰিল মাহটোত সোমবাৰবোৰৰ বাদে আন প্ৰতিটো বাৰে দৈনিক সংক্ৰমণ বাঢ়িয়েই আছিল৷ সোমবাৰে সংক্ৰমণৰ সংখ্যা কমাৰ কাৰণ হ’ল আগদিনা দেওবাৰে আপেক্ষিকভাৱে কম পৰীক্ষা কৰা হয়৷ এপ্ৰিলৰ আৰম্ভণিতে ভাৰতত দিনে ১ লাখতকৈও কম লোকৰ সংক্ৰমণ হৈছিল আৰু বাঢ়ি গৈ দিনে ৪ লাখতকৈও বেছি হৈছিল৷ কিন্তু এমাহ চলা এই বৃদ্ধি যোৱা ১ মে’ত চাৰি লাখতকৈ কম হয়৷ অৱশ্যে ইয়াক সংক্ৰমণ কমিবলৈ আৰম্ভ কৰা বুলি ক’ব নোৱাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here