দুৰ্লভ গুলপীয়া নাহৰফুটুকী ক’ত দেখা গ’ল ? Where has the endangered pink leopard been sighted?

0
1064
ভাৰতত প্ৰথমবাৰৰ বাবে দুৰ্লভ ‘গুলপীয়া’ নাহৰফুটুকী দেখা গ’ল৷ শেহতীয়াকৈ দক্ষিণ ৰাজস্থানৰ আৰাৱলী পাহাৰৰ ৰণকপুৰ অঞ্চলত গুলপীয়া নাহৰফুটুকী দেখিবলৈ পোৱা গ’ল৷ ইয়াৰ আগতে ২০১২ আৰু ২০১৯ চনত দক্ষিণ আফ্ৰিকাত গুলপীয়া নাহৰফুটুকী দেখাৰ বাতৰি পোৱা গৈছিল৷ ৰণকপুৰ আৰু কুম্ভলগড় অঞ্চলৰ স্থানীয় লোকে জনায় যে কেতিয়াবা কেতিয়াবা তেওঁলোকে ষ্ট্ৰবেৰী ৰঙৰ নাহৰফুটুকী দেখা পায়৷ শেহতীয়াকৈহে ফটোগ্ৰাফাৰে গুলপীয়া নাহৰফুটুকীৰ ফটো উঠাবলৈ সক্ষম হ’ল৷ ভাৰতীয় নাহৰফুটুকী সাধাৰণতে ক’লা ফুটুকী দাগত মুগা ৰং চৰোৱা৷ গুলপীয়া নাহৰফুটুকীৰ ছালখন ৰঙচুৱা বাদামী ৰঙৰ আৰু ফুটুকী দাগবোৰ সাধাৰণ নাহৰফুটুকীতকৈ বেলেগ৷ ষ্ট্ৰবেৰী ৰঙৰ ৰং চৰাৰ কাৰণ হৈছে এৰেথ্ৰিজম (ছাল, চুলিৰ অস্বাভাৱিক ৰক্তবৰ্ণতা) নামৰ এটা জেনেটিক অৱস্থা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here