দুৰ্ঘটনাত দুয়োখন হাত হেৰুওৱা এজনৰ মুখত হাঁহি বিৰিঙালে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে

0
1741

বসন্ত কুমাৰ ডেকাই কয় যে তেওঁ ২০১২ চনতে গুৱাহাটীৰ চানমাৰিৰ ৰে’ল ষ্টেচনত ৰে’ললাইনৰ কাষত পৰি দুয়োখন হাতত গুৰুতৰভাৱে আঘাত পাইছিল আৰু বিহাৰৰ পাটনাত উন্নত চিকিৎসাৰে বাবে গৈ তেওঁৰ বাওঁ হাতখন সম্পূৰ্ণৰূপে কাটি পেলাবলগীয়া হোৱাৰ লগতে সোঁহাতখনৰ আধা অংশ কাটি পেলাব লগা হৈছিল৷

১৬৩টা যন্ত্ৰ উদ্ভাৱনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত খলকনি তুলিবলৈ সক্ষম হোৱা লখিমপুৰৰ বিশিষ্ট প্ৰযুক্তিবিদ, বিজ্ঞানী, পদ্মশ্ৰী ড॰ উদ্ধৱ ভৰালীৰ শেহতীয়া এক উদ্ভাৱনে আনভাৱে সক্ষম লোকসকলৰ বাবে সু-খবৰ কঢ়িয়াই আনিছে৷ এই ক্ষেত্ৰত দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাই ভীষণ সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটীৰ নুনমাটিৰ ৬৩ বছৰীয়া ব্যৱসায়ী বসন্ত কুমাৰ ডেকাক বিশিষ্ট প্ৰযুক্তিবিদগৰাকীয়ে উদ্ভাৱন কৰা এক সঁজুলি প্ৰদান কৰি উপকৃত কৰাত ব্যৱসায়ীজনৰ মুখত হাঁহি বিৰিঙাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গই সন্তুষ্টি লাভ কৰিছে৷ ড॰ উদ্ধৱ ভৰালীৰ এই শেহতীয়া উদ্ভাৱনৰ জৰিয়তে আনভাৱে সক্ষম ব্যক্তিজনে কাৰো সহায় নোলোৱাকৈ ভাত খোৱা, চাহ খোৱা, দাঁত ব্ৰাছ কৰাৰ লগতে পুৱাৰ নিত্য-নৈমিত্তিক কৰ্মখিনিও অতি সহজতে কৰিবলৈ সক্ষম হৈছে৷ ড॰ ভৰালীয়ে উদ্ভাৱন কৰা এই সঁজুলি নিৰ্মাণৰ বাবে বিগত ২০১৪ চনৰ পৰা চলাই অহা নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ ব্যৱসায়ীজনক এই সঁজুলি প্ৰদান কৰি উপকৃত কৰে৷ এই সন্দৰ্ভত পদ্মশ্ৰী ড॰ উদ্ধৱ ভৰালীৰ মতে উল্লিখিত আনভাৱে সক্ষম ব্যক্তিগৰাকীক উপকৃত কৰিবৰ বাবে ২০১৪ চনৰ পৰাই প্ৰচেষ্টা চলাই পূৰ্ণাংগ ৰূপ দিবলৈ সক্ষম হয় আৰু আজি তেওঁক সঁজুলিবিধ দিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত বসন্ত কুমাৰ ডেকাই কয় যে তেওঁ ২০১২ চনতে গুৱাহাটীৰ চানমাৰিৰ ৰে’ল ষ্টেচনত ৰে’ললাইনৰ কাষত পৰি দুয়োখন হাতত গুৰুতৰভাৱে আঘাত পাইছিল আৰু বিহাৰৰ পাটনাত উন্নত চিকিৎসাৰে বাবে গৈ তেওঁৰ বাওঁ হাতখন সম্পূৰ্ণৰূপে কাটি পেলাবলগীয়া হোৱাৰ লগতে সোঁহাতখনৰ আধা অংশ কাটি পেলাব লগা হৈছিল৷ তেতিয়াৰ পৰাই ভীষণ সমস্যাৰ মাজেৰে পত্নী ধনেশ্বৰী ডেকাৰ সহযোগিতাত পুৱাৰ নিত্য- নৈমিত্তিক কৰ্মখিনিৰ লগতে খোৱা-বোৱা আদি কামখিনি কৰিব লগা হৈছিল৷ এনে সময়তেই ২০১৪ চনত প্ৰযুক্তিবিদ ড॰ ভৰালীৰ সৈতে সম্পৰ্ক হৈছিল তেওঁৰ৷ তেতিয়াৰ পৰাই ড॰ ভৰালীৰ সহযোগিতাত আৰ্থিক-মানসিকভাৱে তেওঁ উপকৃত হৈছিল৷ তেওঁৰ ভাষাত ড॰ ভৰালী তেওঁৰ বাবে ভগৱানসদৃশ ব্যক্তি৷ শেহতীয়াকৈ তেওঁ লাভ কৰা সঁজুলিৰ জৰিয়তে শৌচ কৰা, দাঁত ব্ৰাছ কৰা, পানী খোৱা, চাহ খোৱা, ভাত খোৱা আদি সকলোবোৰ কামেই নিজে কৰিব পৰা হৈছে৷ যাৰ বাবে পৰিয়ালটোৰ মাজত সম্প্ৰতি হাঁহি বিৰিঙিছে৷ উল্লেখ্য যে প্ৰযুক্তিবিদ ড॰ ভৰালী তেওঁৰ লখিমপুৰৰ কে বি ৰোডৰ ইউ কে বি এগ্ৰ’টেক নামৰ উদ্ভাৱনী প্ৰতিষ্ঠানৰ চৌহদত এই সঁজুলিবিধ ডেকা দম্পতীক চমজাই দিয়ে৷ সম্পূৰ্ণ বিনামূলীয়াভাৱে লাভ কৰা সঁজুলি পাই পৰিয়ালটোৱে যথেষ্ট সন্তুষ্টি লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here