দুৰাৰোগ্য কেঞ্চাৰক কেনেকৈ প্ৰতিৰোধ কৰিব?

0
1162


তিনিটা আখৰৰ এই শব্দটোৰ নাম শুনিলেই মানুহৰ মনত ত্ৰাসৰ সৃষ্টি হয়৷ আগতে ভবা হৈছিল এই দুৰাৰোগ্য ব্যাধিয়ে মানৱ শৰীৰত বাস ল’লে নিস্তাৰৰ কোনো উপায় নাই৷ কিন্তু নানাধৰণৰ গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসাবিজ্ঞানীসকলে কেঞ্চাৰ ৰোগ প্ৰতিৰোধৰ উপায় উদ্ভাৱন কৰিছে৷ এই ৰোগৰ পৰা হাত সাৰিবলৈ কিছু সহজ জীৱন-প্ৰণালী মানি চলিব লাগে৷ ইয়াৰ লগতে কেঞ্চাৰ প্ৰতিৰোধৰ বাবে কিছুমান পদক্ষেপ লোৱা দৰকাৰ৷ কেঞ্চাৰ প্ৰতিৰাধেৰ বাবে তলত দিয়া উপায়বোৰ মানি চলিলে এইবিধ ৰোগৰ সৈতে মোকাবিলা কৰিব পৰা যাব–
(১) ধূম্ৰপান ত্যাগ কৰক : ধূমপানৰ সৈতে কেঞ্চাৰৰ সম্পৰ্ক অংগাংগীভাৱে জড়িত৷ বিশ্বত নব্বৈ শতাংশ কেঞ্চাৰ ৰোগীয়েই ধূমপানৰ ফলত সৃষ্টি হোৱা৷ ২০২০ চনত প্ৰকাশিত নেশ্যনেল কেঞ্চাৰ ৰেজিষ্ট্ৰি প্ৰগ্ৰামৰ ৰিপ’ৰ্ট মতে, দেশৰ দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, বেংগালুৰুসহ মুঠ ৯ খন চহৰত হাঁওফাঁওজনিত কেঞ্চাৰ সংক্ৰমণৰ তালিকাত এক নম্বৰত আছে৷ বৰ্তমান সময়ত বিভিন্ন সমীক্ষা মতে আমাৰ দেশৰ প্ৰতি ৪ জনৰ ভিতৰত এজন কেঞ্চাৰ ৰোগত আক্ৰান্ত৷ এই ভয়াৱহ সমীক্ষাই সকলোকে আকৌ এবাৰ ভবাই তুলিছে৷ পুৰুষসকলে ধূমপান সেৱনৰ ফলত বিশেষকৈ চহৰাঞ্চলত হাঁওফাঁওৰ কেঞ্চাৰত বেছিকৈ আক্ৰান্ত হয়৷ অত্যধিক ধূমপান সেৱনে কেঞ্চাৰ সৃষ্টিৰ মুখ্য কাৰণ বুলি প্ৰমাণিত হৈছে৷
(২) ছালখনক সূৰ্যৰ তাপৰ পৰা ৰক্ষা কৰক : আমি সকলোৱে জানো যে সূৰ্যৰ তাপ আমাৰ দেহত পৰিলে ভিটামিন-ডি শৰীৰত সঞ্চাৰ হয়৷ ইয়ে মেলানিনৰ সৃষ্টি কৰি শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ কিন্তু সূৰ্যৰ তাপৰ পৰা নিৰ্গত অতিবেঙুনীয়া ৰশ্মি আমাৰ ছালখনত মাৰাত্মক প্ৰভাৱ পেলায়৷ যাৰ ফলত ছালৰ কেঞ্চাৰ ৰোগৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে সূৰ্যৰ তাপৰ পৰা ছালখনক বচাই ৰাখক৷ আনহাতে ম’বাইল ফোনৰ পৰাও নিৰ্গত ৰেডিয়েশ্যন কেঞ্চাৰ ৰোগৰ অন্যতম কাৰক৷ সেইবাবে ম’বাইল ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগে৷
(৩) স্বাস্থ্যকৰ খাদ্য খাওক: শৰীৰৰ বিভিন্ন ৰোগত খাদ্যই প্ৰত্যক্ষ প্ৰভাৱ পেলায়৷ অনিয়মিত খাদ্য গ্ৰহণে শৰীৰত কু-প্ৰভাৱ পেলায়৷ আমি প্ৰচুৰ পৰিমাণে সজীৱ শাক-পাচলি খাব লাগে৷ দেহটোক সুস্থ, নিৰোগী কৰি ৰাখিবলৈ নিয়মিতভাৱে শাক-পাচলি খোৱাটো উচিত৷ খাদ্য তালিকাত প্ৰ’টিন, আঁহজাতীয় খাদ্য ৰখাটো প্ৰয়োজনীয়৷
(৪) ৰন্ধন প্ৰণালীত সাৱধানতা : সকলো সময়তে কম মছলাযুক্ত খাদ্য, অত্যধিক ভজা-পোৰা খাদ্য খোৱাটো উচিত নহয়৷ আমিষযুক্ত খাদ্য যেনে– মাছ, মাংস আদি অতিৰিক্ত তাপত মছলাৰ সৈতে ৰান্ধিলে দুটা ৰাসায়নিক পদাৰ্থ এইচ চি এ আৰু পি এ এইচ সৃষ্টি হয়৷ এই পদাৰ্থ দুবিধ কেঞ্চাৰৰ কাৰক বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ অত্যধিক ভজা-পোৰাজাতীয় খাদ্য খালে অধিকাংশই অগ্নাশয়, কলেষ্টেৰল আৰু প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক৷
(৫) অসুৰক্ষিত সহবাস : অসুৰক্ষিত, অবাঞ্ছিত যৌন কৰ্মৰ ফলতো কেঞ্চাৰ ৰোগ হ’ব পাৰে৷ সেয়েহে সুৰক্ষিত উপায়ে সহবাস কৰিব লাগে৷ অবাঞ্ছিত যৌন সম্পৰ্কই লিভাৰৰ কেঞ্চাৰ সৃষ্টি কৰিব পাৰে৷
(৬) নিয়মিত ব্যায়াম কৰক : ব্যায়ামে কেঞ্চাৰৰ সম্ভাৱনা কমায়৷ কাৰণ যিসকলে নিয়মিতভাৱে শৰীৰচৰ্চা কৰে, দেখা যায় অধিকাংশৰে শৰীৰ সুস্থ আৰু দেহ আটিল হৈ থাকে৷ ইয়াৰ উপৰি নিয়মিত ব্যায়াম কৰাৰ ফলত শৰীৰৰ হৰমন প্ৰবাহ, কোষবৃদ্ধিৰ হাৰ, ইনছুলিনৰ সংবেদনশীলতা সকলো স্বাভাৱিক হৈ থাকে৷ সেয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ি যায়৷ সেইবাবে ব্যায়াম কৰাসকলৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here