দুপৰীয়া শোৱা স্বাস্থ্যৰ পক্ষে হানিকাৰক নেকি?

0
1128

বন্ধৰ দিন বা আজৰি সময়ত দিনৰ ভাগত ভাত খাই উঠি বহুতৰে শোৱাৰ অভ্যাস আছে৷ কিছুমানৰ আকৌ দিনত ভাতকেইটা খায়েই বিছনালৈ নগ’লে যেন নহয়েই৷ বহুতেই দুপৰীয়া ভাত খাই শোৱাটো পচন্দ কৰে৷ সেইসকল লোকৰ যেন দিনত ভাত খাই শোৱাটো এটা অভ্যাসত পৰিণত হয়৷ সম্প্ৰতি এই বিষয়ে কৰা এটা গৱেষণাত পোহৰলৈ আহিছে কিছু তথ্য, যি তথ্য শুনিলেই হয়তো আপুনি আজিয়েই এনে কু-অভ্যাস পৰিত্যাগ কৰিব৷ হয়, এই গৱেষণাৰ পৰা জানিব পৰা মতে দুপৰীয়া এক ঘণ্টাতকৈ বেছি শুলে আপোনাৰ হ’ব পাৰে হৃদৰোগৰ সম্ভাৱনা৷ আনকি এই অভ্যাসৰ ফলত মৃত্যুৰ সম্ভাৱনাও বাঢ়িব পাৰে৷ 
                             
    চীনৰ গুৱাংজু বিশ্ববিদ্যালয়ৰ গৱেষক, চিকিৎসক ঝি প্যানে কয় যে দিনত শোৱা অভ্যাসটো বিশ্বৰ প্ৰায় সকলোতে প্ৰচলিত এটা ব্যৱস্থা আৰু প্ৰায় সকলোৱে এই অভ্যাসটো ভাল হিচাপে ভাবে৷ লগতে তেওঁ উল্লেখ কৰে যে শোৱাৰ ফলত শৰীৰৰ কাৰ্যক্ষমতাৰ উন্নতি ঘটায়৷ টোপনিৰ অভাৱত হোৱা সমস্যাবোৰৰ পৰা শৰীৰে ৰেহাই পায়৷ এই গৱেষণাত দেখা গৈছিল যে যিসকলে দুপৰীয়া ভাত খায়েই শোৱে বা যিসকলে ৬০ মিনিটৰ বেছি সময় শোৱে, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা ৩০% বেছি হয়৷ আনহাতে ৰাতি ৮-১০ ঘণ্টাৰ বেছি শুলেও এই সমস্যাই দেখা দিব পাৰে৷ যিসকল লোকে খোৱাৰ পাছত ৬০ মিনিটৰ কম সময় শোৱে, তেওঁলোক হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম৷ অধ্যয়নৰ পৰা জনা গৈছে যে যিসকল ৩০-৪৫ মিনিট সময় খোৱাৰ পাছত জিৰণি লয়, সেইসকল লোকৰ শাৰীৰিক অৱস্থা, বিশেষকৈ হাৰ্ট সুস্থ থাকে৷ গতিকে দুপৰীয়া ভাত খায়েই বিছনালৈ যোৱাৰ পৰিৱৰ্তে বেলেগ কামত হাত দি শৰীৰ সুস্থ ৰাখক৷ সেয়েহে আহক আজিয়েই আমি এই কু-অভ্যাস পৰিত্যাগ কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here