দুখীয়া কৰ্কট ৰোগীয়ে অসমতে পাব অত্যাধুনিক চিকিৎসা

0
357
ৰাজ্যৰ দুখীয়া কৰ্কট ৰোগীসকলৰ বাবে সু-খবৰ৷ অটল অমৃত অভিযান আঁচনি আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে ৰাজ্যৰ দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীসকলৰ বাবে অসমতে অত্যাধুনিক চিকিৎসা উপলব্ধ কৰাবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ সহযোগত গঠিত ‘Assam Cancer Care Foundation’ৰ অধীনত ৰাজ্যত মুকলি কৰিবলৈ লোৱা দহখন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানত দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীলৈ আগবঢ়োৱা হ’ব বিনামূলীয়া চিকিৎসা সেৱা৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম চৰকাৰৰ অটল অমৃত অভিযান ছ’চাইটি আৰু ACCF-ৰ মাজত এখন বুজাবুজি চুক্তি সম্পাদিত হয়৷ অটল অমৃত অভিযান ছ’চাইটিৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া মনালিছা গোস্বামী আৰু ‘Assam Cancer Care Foundation’ৰ মুখ্য সঞ্চালন বিষয়া ডাঃ সজল সেনে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷ এই বুজাবুজি চুক্তিৰ জৰিয়তে Assam Cancer Care Foundation-ৰ দ্বাৰা পৰিচালিত কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠানসমূহত ৰাজ্যৰ দুখীয়া পৰিয়ালৰ কৰ্কট ৰোগীসকলক অসম চৰকাৰৰ অটল অমৃত অভিযান আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ অন্তৰ্গত আয়ুস্মান ভাৰত আঁচনিৰ অধীনত নগদ ধনবিহীন ব্যৱস্থাৰে বিনামূলীয়াকৈ অত্যাধুনিক চিকিৎসা আগবঢ়োৱা হ’ব৷ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী মহন্তই এই বুজাবুজি চুক্তিয়ে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ কৰ্কট ৰোগীসকলৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই অনা বুলি মত পোষণ কৰে৷ অনুষ্ঠানত ACCF-ৰ মুখ্য সঞ্চালন বিষয়া ডাঃ সজল সেনে কয় যে অহা বছৰৰ আৰম্ভণিৰ পৰা অসমৰ দুখীয়া পৰিয়ালৰ কোনো ৰোগীয়েই চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নহ’ব৷ উল্লেখ্য যে তেজপুৰ, কোকৰাঝাৰ, যোৰহাট, লখিমপুৰ, দৰং, বৰপেটা আৰু ডিব্ৰুগড়ত নিৰ্মাণ কৰি থকা সাতখন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান অহা ডিচেম্বৰত সম্পূৰ্ণ হৈ উঠিব৷ আনহাতে ডিফু, শিলচৰ আৰু কামৰূপ [মহানগৰ]ত নিৰ্মীয়মাণ আন তিনিখন কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান অহা বছৰৰ মাজভাগত কাৰ্যক্ষম হৈ উঠিব বুলি ডাঃ সেনে প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here