দুঃসংবাদ ! ১৮-৪৪ বছৰৰ লোকৰ ভেক্‌চিনেশ্যন বন্ধ

0
1060

ৰাজ্যত কভিড-১৯ ভেক্‌চিনৰ তীব্ৰ নাটনি ঘটিছে৷ বৰ্তমান সময়ত ৰাজ্যৰ প্ৰায় সকলো স্থানতে ১৮-৪৪ বছৰ বয়সৰ লোকসকলক ভেক্‌চিন প্ৰদান কৰিব পৰা হোৱা নাই৷ যাৰ বাবে বহু ঠাইত ভেক্‌চিন ল’বলৈ গৈ পুৱাৰে পৰাই শাৰী পাতিও শেষত নিৰাশ হৈ বহু লোক ঘূৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে এতিয়ালৈকে ৰাজ্যত ১৮-৪৪ বছৰ বয়সৰ লোকৰ বাবে ৰাজ্য চৰকাৰৰ হাতত ভেক্‌চিন মজুত আছিল মাত্ৰ ২৯,১৯০ড’জহে৷ ইতিমধ্যে উক্ত ভেক্‌চিন সমাপ্ত হৈছে আৰু বৰ্তমানলৈ নতুনকৈ কোনো ভেক্‌চিনো অসম আহি পোৱাহি নাই৷ এনে পৰিস্থিতিত অনাগত দিনত সম্পূৰ্ণৰূপে বন্ধ হ’ব ১৮-৪৪ বছৰ বয়সৰ লোকক ভেক্‌চিন প্ৰদানৰ কাৰ্য৷ অৱশ্যে ১৮-৪৪ বছৰ বয়সৰ লোকৰ বাবে ভেক্‌চিনৰ নাটনি হ’লেও ৪৫ বছৰৰ ঊৰ্ধবৰ লোকসকলৰ বাবে ৰাজ্য চৰকাৰৰ হাততভেক্‌চিন মজুত আছে৷ এতিয়ালৈ ৪৫ বছৰৰ ঊৰ্ধবৰ লোকৰ বাবে চৰকাৰৰ হাতত ভেক্‌চিন মজুত আছে প্ৰায় দুই লাখ ড’জ৷ ইফালে ভেক্‌চিনৰ অভাৱ ঘটাত এতিয়া দৈনিক যি হাৰত ভেক্‌চিন দিব লাগিছিল সেয়াও দিব পৰা হোৱা নাই৷ যোৱা ৩০ মে’ত ৰাজ্যখনত মাত্ৰ ২০,০৭৪জন লোককহে ভেক্‌চিন দিয়া হৈছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মতে, কেন্দ্ৰীয় চৰকাৰে ৪৫ বছৰৰ ঊৰ্ধবৰ লোকৰ বাবে বিনামূলীয়াকৈ ভেক্‌চিন প্ৰদান কৰি আছে৷ আনহাতে ১৮-৪৪ বছৰ বয়সৰ লোকৰ বাবে ৰাজ্য চৰকাৰে ভেক্‌চিন ক্ৰয় কৰিবলগীয়া হৈছে৷ ভেক্‌চিন ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে অগ্ৰিম ধনো দি থোৱা হৈছে৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যখনে প্ৰয়োজনীয় ভেক্‌চিন লাভ কৰা নাই৷ ভেক্‌চিনৰ যোগানৰ ওপৰতে ১৮-৪৪ বছৰ বয়সৰ লোকক ভেক্‌চিন প্ৰদানৰ সকলো কথা নিৰ্ভৰ কৰিছে বুলিও জানিবলৈ দিয়ে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে অসমত এতিয়ালৈকে মাত্ৰ ৪০ লাখ লোকেহে ভেক্‌চিন লাভ কৰিছে৷ ইয়াৰ ভিতৰত দুটা ড’জ ভেক্‌চিন লাভ কৰা লোকৰ সংখ্যা হৈছে মাত্ৰ ৭ লাখ ২৮ হাজাৰ৷ ইফালে কৰ’নাৰ দ্বিতীয়টো ঢৌত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়েই আছে৷ ইয়াৰ বিপৰীতে দেখা গৈছে যে ভেক্‌চিন লোৱা লোকসকলৰ মাজত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যথেষ্ট কম৷ যাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰায় সকলো প্ৰান্ততে ভেক্‌চিন লোৱাৰ বাবে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে৷ কিন্তু  ভেক্‌চিনৰ অভাৱেহে এতিয়া হতাশ কৰিছে জনতাক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here