দুঃখবৰ! বিশ্বত প্ৰতি মিনিটত ভোকত মৃত্যু হয় ১১জনৰ

0
924
দাৰিদ্ৰ্য-বিৰোধী সংগঠন অক্সফামে কয় যে প্ৰতি মিনিটত ভোকত ১১জন লোকৰ মৃত্যু হয় আৰু সমগ্ৰ পৃথিৱীত দুৰ্ভিক্ষ সদৃশ অৱস্থাৰ সন্মুখীন হোৱা লোকৰ সংখ্যা যোৱা বছৰ ছগুণ বৃদ্ধি পায়৷ ‘The Hunger Virus Multiplies’ শীৰ্ষক এখন প্ৰতিবেদনত অক্সফামে কয় যে দুৰ্ভিক্ষত মৃত্যু হোৱা লোকৰ সংখ্যা কভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ বেছি৷ কভিড-১৯ মহামাৰীত প্ৰতি মিনিটত প্ৰায় ৭জন লোকৰ মৃত্যু হয়৷ অক্সফাম আমেৰিকাৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া এব্বি মেক্সমেনে কয় যে পৰিসংখ্যাবোৰ অতি উদ্বেগজনক, কিন্তু আমি মনত ৰাখিব লাগিব যে এই সংখ্যাবোৰ অকল্পনীয় যন্ত্ৰণাৰ সন্মুখীন হোৱা একো একোজন ব্যক্তিৰ সমষ্টি৷ আনকি এজন ব্যক্তিয়েই বহু৷ মানৱীয় সাহায্য আগবঢ়োৱা সংগঠনটোৱে লগতে কয় যে বৰ্তমান সমগ্ৰ পৃথিৱীত ১৫ কোটি ৫০ লাখ লোকে খাদ্য অনিৰাপত্তাৰ সংকটৰ পৰ্যায়ত বাস কৰি আছে আৰু তাতোতকৈও গুৰুতৰ কথাটো হ’ল যে এই সংখ্যা যোৱা বছৰতকৈ ২ কোটি বেছি৷ তেওঁলোকৰ প্ৰায় দুই তৃতীয়াংশ ক্ষুধাৰ সন্মুখীন হোৱাৰ কাৰণ হ’ল তেওঁলোকৰ দেশ সামৰিক সংঘাতত লিপ্ত হৈছে৷ মেক্সমেনে কয় যে কভিড-১৯ৰ কাৰণে হোৱা অৰ্থনৈতিক বিপৰ্যয়ৰ উপৰি অবিৰত সংঘাত আৰু অৱনতি ঘটা জলবায়ুৰ সংকটে ৫ লাখ ২০ হাজাৰৰো অধিক লোকক দুৰ্ভিক্ষৰ মুখলৈ ঠেলি দিছে৷ তেওঁ কয় যে মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ পৰিৱৰ্তে যুদ্ধ-বিগ্ৰহ সংঘাতত লিপ্ত পক্ষসমূহে পৰস্পৰৰ বিৰুদ্ধে যুঁজিছে আৰু তাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু অৰ্থনৈতিক বিপৰ্যয়ে ইতিমধ্যে জুৰুলা কৰা লাখ লাখ লোকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here