দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত দেওহাঁহ, লাজুকী বান্দৰৰ বংশ বৃদ্ধি

0
2260


দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান৷ বিস্তীৰ্ণ এলেকাজুৰি সেউজীয়া গছ-গছনি, তৰু-তৃণে আবৃত্ত চিৰসেউজীয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ্যই শেহতীয়াকৈ সকলোকে মোহিত কৰি আহিছে৷ উল্লেখযোগ্য যে ২০০৪ চনৰ ১৩ জুনত অসম চৰকাৰে ১১১.১৯ বৰ্গ কিল’মিটাৰলৈকে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়াৰ পাছত সম্প্ৰতি ২৩১.৬৫ বৰ্গ কিল’মিটাৰপৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিছে৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত ৰূপত আছে যদিও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সুদৃষ্টিৰ অভাৱত বিশ্বৰ মানচিত্ৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ হৈছে৷ বিশ্বৰ মানচিত্ৰত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিষ্ঠা কৰিব পৰাকৈ অজস্ৰ সম্পদ আৰু সমল আছে৷ অসমক পৰ্যটন উদ্যোগৰ মৰ্যাদা ১৯৮৭ চনতে দিয়া হৈছিল যদিও ৰজাঘৰীয়া বিনিয়োগৰ অভাৱত অৱহেলিত আৰু উপেক্ষিত হৈ আছে এছিয়া মহাদেশৰ অন্যতম দিহিং পাটকাই৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত তিনিশৰো অধিক চৰাই-চিৰিকটি দেখিবলৈ পোৱা যায়৷ মৌপিয়া, মইনা, পৰঘুমা, দেওডৰিক, দেওহাঁহ, ৰাজধনেশ, পাকৈঢোঁৰা, কাঠনি বোৱাৰী, ৰঙা ধনেশ, কৃষ্ণ ডৰিক, বুলবুলি, কপৌ, ৰূপহী, শালিকা অনেক চৰায়ে অভয়াৰণ্যখনত অনবৰতে গীত জুৰি থাকে৷ শেহতীয়াকৈ অভয়াৰণ্যৰ বুকুত বিলুপ্তপ্ৰায় হ’বলৈ ধৰা দেওহাঁহ, লাজুকী বান্দৰ, ৰাজধনেশ আদিৰ বংশ বৃদ্ধিয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি আশাৰ সঞ্চাৰ কৰিছে৷ ৪০ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণী, ৩৮০ প্ৰজাতিতকৈ অধিক প্ৰজাতিৰ বনৰীয়া চৰাই, ৪২ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ২০৫ প্ৰজাতিৰ পোক-পতংগ, ৫২ প্ৰজাতিৰ বনৰীয়া মাছ, ১০৭ প্ৰজাতিৰ অৰণ্যকেৰু, ১৬০ প্ৰজাতিতকৈ অধিক প্ৰজাতিৰ গছ-গছনি অভয়াৰণ্যখনত দেখিবলৈ পোৱা যায়৷ বাঘ, ঘোং, ৰাং কুকুৰ, হাতীৰো বসতিস্থল এই অভয়াৰণ্য৷ কানাডা, ফ্ৰান্স, ইণ্ডোনেছিয়া, ইংলেণ্ড, কলকাতা, দিল্লী, মুম্বাই আদি ঠাইৰ পৰা আগমন ঘটা পৰ্যটকে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ অসম চৰকাৰ, বন বিভাগ, পৰ্যটন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে অধিক পৰ্যটকৰ আগমন ঘটাৰ সম্ভাৱনা অধিক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here