দিল্লীৰ কালি সৰ্বনিম্ন তাপমাত্ৰাই কিমান বছৰৰ অভিলেখ ভংগ কৰে?

0
2307

প্ৰচণ্ড শীতপ্ৰৱাহৰ কবলত পৰিছে ৰাজধানী দিল্লী৷ দিল্লীত কালি সৰ্বনিম্ন তাপমাত্ৰাই ১৫ বছৰৰ অভিলেখ ভংগ কৰে৷ কালি মহানগৰখনৰ ন্যূনতম তাপমাত্ৰা আছিল ১.১ ডিগ্ৰী চেলচিয়াছ৷ ইয়াৰ লগতে মহানগৰীখনত ঘন কুঁৱলীয়েও আৱৰি ৰাখে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, যোৱা বছৰ জানুৱাৰীত দিল্লীৰ ন্যূনতম তাপমাত্ৰা আছিল ২.৪ ডিগ্ৰী চেলচিয়াছ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ৪-৫ জানুৱাৰীত দিল্লীৰ ন্যূনতম তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ দিল্লীত ২০০৬ চনৰ ৮ জানুৱাৰীত ন্যূনতম তাপমাত্ৰা ০.৬ ডিগ্ৰী চেলচিয়াছ আছিল৷ মহানগৰীখনত ন্যূনতম তাপমাত্ৰা ১৯৩৫ চনৰ জানুৱাৰীত -৬ ডিগ্ৰী চেলচিয়াছ আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here