দিল্লীৰ অৱস্থা ভাললৈ আহিছে : মুখ্যমন্ত্ৰী কেজৰিৱাল

0
2511
কভিড-১৯ৰ দ্বিতীয়টো ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰা দিল্লীৰ অৱস্থা সামান্য উন্নত হৈছে৷ বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ৬,৫০০ লোক কভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে। ১০ এপ্ৰিলৰ পাছত যোৱা ১৪ মে’ত প্ৰথমবাৰৰ বাবে সংক্ৰমিত লোকৰ সংখ্যা ১০ হাজাৰৰ তললৈ নামে৷ এখন ডিজিটেল সংবাদমেলত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে মহানগৰখনত পজিটিভিটিৰ হাৰো ১২ শতাংশলৈ কমিছে৷ তেওঁ কয় যে যোৱা ১০ দিনত প্ৰায় ৩০০০ বিছনা খালী হৈছে৷ ই ইংগিত দিয়ে যে মহানগৰখনত দ্বিতীয়টো ঢৌ অলপ শাম কাটিছে৷ কেজৰিৱালে কয় যে ২০ এপ্ৰিলত দিল্লীত ২৮ হাজাৰৰো অধিক লোকৰ সংক্ৰমণ হৈছিল৷ এতিয়া ৮,৫০০লৈ কমিল৷ পজিটিভিটিৰ হাৰো ১২ শতাংশলৈ কমিছে৷ ২২ এপ্ৰিলত আছিল ৩৬ শতাংশ৷ তেওঁ কয় যে অৱশ্যে সংকটজনক ৰোগীৰ সংখ্যা যথেষ্ট বেছি হৈ আছে৷ কাৰণ আই চি ইউ বৰ বেছি খালী হোৱা নাই৷ কেজৰিৱালে কয় যে লকডাউনৰ নীতি-নিয়ম কঠোৰভাৱে মানি চলি সংক্ৰমণ হ্ৰাস কৰাত দিল্লীৰ নাগৰিকসকলে অতি ডাঙৰ ভূমিকা পালন কৰিছে৷ কিন্তু সংগ্ৰাম অব্যাহত আছে৷ আমি সংক্ৰমণ ৮,৫০০ৰ পৰা শূন্যলৈ কমাব লাগিব আৰু কৰ’না সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব৷ এতিয়া যিকোনো শিথিলতাই বিপৰ্যয় আনিব পাৰে৷ কেজৰিৱালে ঘোষণা কৰে যে যিসকল শিশুৰ পিতৃ-মাতৃৰ কভিড-১৯ত মৃত্যু হ’ল, সেইসকল শিশুৰ শিক্ষা আৰু লালন-পালনৰ ব্যয় দিল্লী চৰকাৰে বহন কৰিব৷ তেওঁ কয় যে অলপতে আমি অতি বেদনাদায়ক দিন কিছুমান পাৰ কৰিলোঁ৷ বহু পৰিয়ালত এজনতকৈ বেছি লোকৰ মৃত্যু হ’ল৷ বহু শিশুৱে পিতৃ-মাতৃ উভয়কে হেৰুৱালে৷ মই তেওঁলোকক কওঁ যে মই তেওঁলোকৰ দুখ-বেদনা বুজি পাওঁ আৰু মই তেওঁলোকৰ সমৰ্থনত থিয় দিছোঁ৷ তেওঁলোকৰ যত্ন ল’বলৈ মই প্ৰতিৱেশীসকল আৰু পৰিয়ালসমূহকো আহ্বান জনাইছোঁ৷ এনেকুৱা পিতৃ-মাতৃ আছে যিসকলে সন্তানক হেৰুৱালে আৰু এনেকুৱা পৰিয়াল আছে, যি তেওঁলোকৰ উপাৰ্জনকাৰী সদস্যজনক হেৰুৱালে৷ ম‌ই এই সকলো দুৰ্ভগীয়া লোকৰ লগত আছোঁ আৰু সদায় থাকিম।

LEAVE A REPLY

Please enter your comment!
Please enter your name here