দিল্লীত জনসাধাৰণক কিয় বাহিৰলৈ নোলাবলৈ পৰামৰ্শ || Why have Delhiites being advised not to leave home?

0
467
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অতি মাত্ৰা বায়ু প্ৰদূষণে গুৰুতৰ ৰূপ লৈছে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ চমুকৈ CPCB-এ জনসাধাৰণক ঘৰৰ বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিছে আৰু যান-বাহনৰ ব্যৱহাৰ কমেও ৩০ শতাংশ কমাবলৈ চৰকাৰ আৰু বেচৰকাৰী কাৰ্যালয়সমূহক নিৰ্দেশ দিছে৷ উল্লেখ্য যে দিল্লীত এই ঋতুৰ এয়াৰ কোৱালিটি ইনডেক্স আটাইতকৈ বেছি শোচনীয় হয়৷ এটা নিৰ্দেশত CPCB-য়ে কয় যে ১২ নৱেম্বৰত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত লক্ষ্য কৰা হয় যে বায়ুৰ চলাচল মন্থৰ আৰু নিশাৰ ভাগত শান্ত হোৱাৰ কাৰণে ১৮ নৱেম্বৰপৰ্যন্ত প্ৰদূষকবোৰৰ নিক্ষেপণ বা সিঁচৰতিৰ কাৰণে বায়ু অতি প্ৰতিকূল হৈ থাকিব৷ তদুপৰি শস্যৰ আৱৰ্জনা, নৰা জ্বলোৱাটো বৃদ্ধি পোৱাৰ কাৰণে আৰু উত্তৰ-পশ্চিমমুৱা বায়ুৰ কাৰণে প্ৰদূষণ বেছি হৈ থাকিব৷ উল্লেখ্য যে ১২ নৱেম্বৰ বিয়লি ৪ বজাপৰ্যন্ত দিল্লীত ২৪ ঘণ্টীয়া গড় AQI আছিল ৪৭১৷ এই ঋতুত এইপৰ্যন্ত আটাইতকৈ শোচনীয়৷ এতিয়া দিল্লীৰ পৰিৱেশ ধুঁৱলী-কুঁৱলী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here