দিল্লীত ছদিনীয়া লকডাউন ঘোষণা

0
2356


ৰাষ্ট্ৰীয় ৰাজধানীত কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২০ এপ্ৰিলৰ নিশা ১০ বজাৰ পৰা ২৬ এপ্ৰিলৰ পুৱা ৫ বজালৈ দিল্লীত ছদিনীয়া লকডাউন ঘোষণা কৰিছে৷ তেওঁ কয় যে মহানগৰখনৰ স্বাস্থ্য ব্যৱস্থাই চৰম সীমা স্পৰ্শ কৰাৰ কাৰণে কভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ এই ব্যৱস্থা লোৱা প্ৰয়োজনীয় হৈ পৰিছে৷ তেওঁ কয় যে দৈনিক প্ৰায় ২৫,৫০০ লোকৰ সংক্ৰমণ হৈ থকা সত্ত্বেও দিল্লীৰ স্বাস্থ্য ব্যৱস্থাই এতিয়াও কাম কৰি আছে৷ কিন্তু যিকোনো ব্যৱস্থাৰ এটা সীমা আছে৷ এখন সংবাদমেলত ভাষণ দি কেজৰিৱালে কয় যে বৰ্ধিতসংখ্যক ৰোগীৰ বাবে যাতে দিল্লীৰ স্বাস্থ্য ব্যৱস্থা ভাগি নপৰে, তাৰ বাবে লকডাউনৰ প্ৰয়োজন হৈছে৷ কাৰণ ৰাজ্যখনত ঔষধ, বিছনা, আই চি ইউ আৰু অক্সিজেনৰ তীব্ৰ নাটনি হৈছে৷ তেওঁ কয়, ‘আমি যদি এতিয়া লকডাউন বলৱৎ নকৰোঁ, আমি হয়তো বেছি ডাঙৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব৷ পৰিস্থিতিৰ কথা বিবেচনা কৰি আমি এই কঠিন সিদ্ধান্ত ল’লোঁ৷’ এটা নিৰ্দেশত দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই চমুকৈ ডি ডি এম এ কয় যে লকডাউনৰ সময়ছোৱাত বিয়া-বাৰুত ৫০জনপৰ্যন্ত লোকৰ সমাগমতহে অনুমতি দিয়া হ’ব, কিন্তু তেওঁলোকে বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাব লাগিব৷ লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাসমূহত অনুমতি দিয়া হ’ব, কিন্তু বেচৰকাৰী কাৰ্যালয় আৰু দোকান, মল, সাপ্তাহিক বজাৰ, উৎপাদন গোট, শিক্ষানুষ্ঠান, কচিং প্ৰতিষ্ঠান, চিনেমা হল, ৰেস্তোৰাঁ, বাৰ, সভাগৃহ, প্ৰেক্ষাগৃহ, ৰাজহুৱা উদ্যান, স্প’ৰ্টছ কমপ্লেক্স, জিম, স্পা, চেলুন, বিউটি পাৰ্লাৰ আদি বন্ধ থাকিব৷ মেট্ৰ’ আৰু বাছৰ দৰে ৰাজহুৱা পৰিবহণ ৫০ শতাংশ যাত্ৰীৰে চলিব৷ টেক্সিত দুজনতকৈ অধিক যাত্ৰীৰ অনুমতি দিয়া নহ’ব৷ নৈশ সান্ধ্য আইন আৰু লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িতসকলে ই-পাছ ল’ব পাৰিব৷ চিকিৎসালয়লৈ যোৱা গৰ্ভৱতী আৰু আন ৰোগীৰ সৈতে এজন লোকক যাবলৈ অনুমতি দিয়া হ’ব৷ উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত দিল্লীত নতুনকৈ ২৫,৪৬২জন লোকৰ কভিড-১৯ৰ সংক্ৰমণ হয়৷ বিশেষজ্ঞসকলে কয় যে দিল্লীত ভাইৰাছৰ দ্বিতীয়টো ঢৌ এসপ্তাহৰ ভিতৰত শীৰ্ষলৈ উঠাৰ সম্ভাৱনা আছে আৰু পজিটিভিটিৰ হাৰ ৫০ শতাংশ হোৱাৰ পাছত কমিবলৈ আৰম্ভ কৰিব৷ আনহাতে জয়পুৰৰ পৰা পোৱা বাতৰি মতে, কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে ৰাজস্থান চৰকাৰে ২০ এপ্ৰিলৰ পৰা ৩ মে’লৈ ১৫ দিনৰ বাবে ৰাজ্যখনৰ সকলো কাৰ্যালয় আৰু বজাৰ বন্ধৰ নিৰ্দেশ দিছে৷ ‘জন অনুশাসন পাখৱাড়া’ (ৰাজহুৱা অনুশাসন পষেক) নাম দিয়া এই ১৫ দিনত কেৱল দোকানবোৰ আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কাৰ্যালয়বোৰহে খোলা থাকিব৷ সন্ধিয়া ৭ বজালৈকে শাক-পাচলি আৰু ফল-মূল বিক্ৰীৰ অনুমতি দিয়া হ’ব৷ হকাৰসকলে পুৱা ৪-৮ বজালৈ বাতৰি কাকত বিতৰণ কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here