দিল্লীত কৰ’না সংক্ৰমণত মৃত্যুৰ বিভীষিকা

0
853

প্ৰশাসনে পাৰ্ক আৰু আন মুকলি স্থানত শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে৷

দেশৰ ৰাজধানী দিল্লীত কৰ’নাৰ সংক্ৰমণৰ বিভীষিকা অব্যাহত আছে৷ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যু হোৱা লোকৰ সংখ্যাও ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে৷ কৰ’নাত আক্ৰান্তৰ মৃত্যুৱে বিভীষিকাৰ সৃষ্টি কৰা দিল্লীত এতিয়া শেষকৃত্যৰ বাবে স্থানৰ অভাৱ হৈছে৷ বিভিন্ন শ্মশানত শৱ দাহৰ বাবে দীঘলীয়া শাৰী পতা দেখা গৈছে৷ দিল্লীৰ তিনিখন পৌৰ নিগমৰ ৯ টা অঞ্চলত ২১খন শ্মশান আৰু কবৰস্থান আছে যদিও শেষকৃত্য কৰিবলৈ আত্মীয়ই দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হৈছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পাৰ্ক আৰু আন মুকলি স্থানত শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে৷ দিল্লীৰ চৰাই কালে খানস্থিত পাৰ্কতো এতিয়া শৱ দাহৰ ব্যৱস্থা কৰা হৈছে৷ পাৰ্কখনত শৱ দাহৰ বাবে প্ৰায় ৫০খন প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে৷ ইফালে শৱ দাহৰ বাবে দিল্লীত এতিয়া কাঠৰো অভাৱ হোৱা বুলি প্ৰকাশ পাইছে৷ উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলত দিল্লীত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে৷ যোৱা ২৪ এপ্ৰিলত  ৩৫৭জন লোকৰ মৃত্যু হৈছে৷ আনহাতে  দিল্লীত অক্সিজেনক লৈ হাহাকাৰ অব্যাহত আছে৷  কেন্দ্ৰীয় শাসিত অঞ্চলটোক এই সংকটৰ সময়ত অক্সিজেনৰ যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছে৷ তেওঁ লগতে এই কথা কয় যে দিল্লীত বলৱৎ থকা লকডাউন তিনি মে’লৈকে বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে বৰ্তমান দিল্লীক প্ৰতি দিনে ৭০০ টন অক্সিজেনৰ প্ৰয়োজন হৈছে৷ ইফালে  দিল্লীৰ ছাৰ গংগাৰাম হস্পিটেলত যোৱা ২৩ এপ্ৰিলত অক্সিজেনৰ অভাৱত ২৫জন কৰ’না ৰোগীৰ মৃত্যু হৈছিল৷ পেণ্টামেড হস্পিটেলে প্ৰকাশ কৰা মতে চিকিৎসালয়খনত জৰুৰীভাৱে অক্সিজেনৰ প্ৰয়োজন হৈছে৷ শীঘ্ৰে অক্সিজেনৰ যোগান নধৰিলে প্ৰায় ৫০জন ৰোগীৰ জীৱন বিপদাপন্ন হৈ পৰিব বুলি কয়৷ আনহাতে শ্ৰীৰাম সিং হস্পিটেল এণ্ড হাৰ্ট ইন্‌ষ্টিটিউটে প্ৰকাশ কৰা মতে চিকিৎসালয়খনত অক্সিজেন শেষ হোৱাৰ পথত৷ একেদৰে মহাৰাজা অগ্ৰসেন হস্পিটেলেও মাত্ৰ দুঘণ্টামানৰ বাবেহে অক্সিজেন মজুত থকা বুলি প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here