দিল্লীত এসপ্তাহপৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ কিয় ? Educational institutions closed for a week in Delhi. Why?

0
501

ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বিভিন্ন সমীক্ষাত বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত দিল্লীয়ে শীৰ্ষস্থান দখল কৰিছে৷ বিশ্বৰ শীৰ্ষত থকা দিল্লীত কেইদিনমান ধৰি বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে৷ সেয়েহে ১৫ নৱেম্বৰৰ পৰা দিল্লী চৰকাৰে এসপ্তাহৰ বাবে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ আনহাতে চৰকাৰী কৰ্মচাৰীসকলকো ঘৰতে বহি কাম কৰাৰ নিৰ্দেশ দিছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা ঘোষণা কৰিছে৷ জানিব পৰা মতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বত তিনিজনীয়া এক বিশেষ বিচাৰপীঠে দিল্লীত মাত্ৰাধিক হাৰত বৃদ্ধি হোৱা বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া লকডাউনৰ পৰামৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী কেজৰিৱালে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here