দিনৰ কোন সময়ত আৰু কেইবাৰ গ্ৰীন টী খোৱা উচিত ? When and how many times during the day should green tea be taken?

0
958
শৰীৰৰ পক্ষে গ্ৰীন টী কিমান উপকাৰী এই কথা নতুনকৈ দোহৰাৰ নিশ্চয় প্ৰয়োজন নাই৷ প্ৰচুৰ পৰিমাণৰ এণ্টিবেক্টেৰিয়েল, এণ্টিঅক্সিডেণ্ট, মিনাৰেল আৰু ভিটামিন সমৃদ্ধ গ্ৰীন টী শৰীৰৰ ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হাৰ্টৰ ৰোগ, কেঞ্চাৰ, ডায়েবেটিছ, ছাল আৰু চুলিৰ বাবে বিশেষভাৱে কাৰ্যকৰী৷ পিছে ই নিৰ্ভৰ কৰে খোৱাৰ পৰিমাণ আৰু সময়ৰ ওপৰত৷ সঠিক নিয়মত গ্ৰীন টী নাখালে ই হিতে বিপৰীত হ’ব পাৰে৷ সেয়ে জানো আহক গ্ৰীন টী কোন সময়ত খোৱা উচিত৷

(১) বহুতেই ভাবে যে গ্ৰীন টী খালী পেটত খোৱাটো যথেষ্ট উপকাৰী৷ কিন্তু পুৱা খালী পেটত গ্ৰীন টী খালে ই আপোনাৰ লিভাৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে পুৱা ব্ৰেকফাষ্ট কৰি উঠিহে গ্ৰীন টী খাব৷


(২) গ্ৰীন টী সদায় ভোজন কৰাৰ দুঘণ্টা আগত বা ভোজন কৰাৰ দুঘণ্টা পাছতহে খাব লাগে৷ পিছে ইয়াক কেতিয়াও ভোজনৰ লগত একেলগে সেৱন নকৰিব৷

DIY MASK For Acne : THE BEST TIME TO DRINK GREEN TEA - DIYpick.com | Your daily source of DIY ideas, Craft projects and Life hacks


(৩) শৰীৰচৰ্চা কৰাৰ আধা ঘণ্টা আগত গ্ৰীন টী সেৱন কৰিলে ওজন হ্ৰাস হোৱাত সহায়ক হয়৷


(৪) শোৱাৰ আগত গ্ৰীন টী খোৱা উচিত নহয়, কিয়নো ইয়াত কেফেইন থাকে৷ সেয়েহে শুবলৈ যোৱাৰ আগতে গ্ৰীন টী খালে আপোনাৰ অনিদ্ৰাৰ সমস্যা হ’ব পাৰে৷ কিন্তু আপুনি যদি শোৱাৰ আগতে গ্ৰীন টী খাবলৈ বিচাৰিছে, তেন্তে শোৱাৰ ১-২ ঘণ্টা আগতহে খোৱা উচিত৷

এতিয়া জানো আহক কিমান পৰিমাণৰ গ্ৰীন টী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল–

গ্ৰীন টী দিনত ২-৩ বাৰহে খোৱা উচিত৷ ইয়াতকৈ বেছি সেৱন কৰিলে আপোনাৰ অনিদ্ৰা, বদহজম আৰু ৰক্তহীনতাৰ সমস্যাই দেখা দিব পাৰে৷ এচিডিটিৰ সমস্যা থকা লোকসকলে গ্ৰীন টী নোখোৱাই ভাল৷ ইয়াৰ লগতে গ্ৰীন টীত কেতিয়াও গাখীৰ আৰু চেনি মিশ্ৰণ কৰাটো উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here