দিনৰ কোনটো সময়ত আপেল খোৱা স্বাস্থ্যসন্মত

0
76

আপেল যে এবিধ পুষ্টিকৰ খাদ্য সেই বিষয়ে কোনো সন্দেহ নাই৷ বৰ্তমান সময়ত বজাৰত আপেল উভৈনদী৷ আপেলৰ চাহিদা যথেষ্ট আছে বাবে প্ৰায় ঘৰ মানুহৰ ডাইনিং টেবুলত খৰাহিত আপেল সজাই থোৱা দেখিবই৷ পুষ্টিগুণেৰে সমৃদ্ধ আপেল আমাৰ স্বাস্থ্যৰ কাৰণে বিশেষভাৱে উপকাৰী৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক টিফিন বক্সৰ প্ৰধান খাদ্য হিচাপে আপোল বা কল প্ৰথম পচন্দৰ খাদ্য৷ ইয়াৰ লগতে আপেল খোৱাৰ সঠিক সময় জনাটোও অৱশ্যে খুবেই প্ৰয়োজনীয়৷ যিকোনো খাদ্যবস্তু খোৱাৰ এটা নিৰ্দিষ্ট সময় থকাৰ দৰে আপেল খোৱাৰো এটা নিৰ্দিষ্ট সময় আছে৷ এই সময়ত আপেল খালেহে ইয়াৰ পুষ্টিকৰ গুণবোৰ আমাৰ দেহৰ লাগে৷ বিভিন্ন পুষ্টিগুণেৰে ভৰা আপেল শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ বাবে দুৰ্দান্ত কাৰ্যকৰী৷ সঠিক নিয়ম বা উপযুক্ত সময়ত আপেল খালে শৰীৰৰ ওজন হ্ৰাসত অৰিহণা যোগায়৷ ইয়াৰ লগতে শৰীৰৰ কোনোধৰণৰ প্ৰদাহ কমোৱাত লগতে হাৰ্ট সুস্থ ৰাখিবলৈ দৈনিক আপেল খোৱা প্ৰয়োজন৷ সেয়ে জানো আহক দিনৰ কোন সময়ত আপেল খালে শৰীৰৰ উপকাৰিতা হয়৷ আনহাতে ৰাতি আপেল খোৱাটো উচিত হয় নে নহয় সেয়াও জানিবলগীয়া কথা৷ আমি প্ৰতিদিনৰ খাদ্য তালিকাত আপেল ৰখাটো অত্যন্ত আৱশ্যক৷ উল্লেখ্য যে আপেলত ডায়েটৰি ফাইবাৰ, ফচফৰাছ, মেগনেচিয়াম, পটাচিয়াম, ভিটামিন-চি, ভিটামিন-বি৬, ভিটামিন-ই, ভিটামিন-কে, প্ৰ’টিন, পলিফেনল, এণ্টিঅক্সিডেণ্ট, কেৰ’টিনয়েড আদি আমাৰ প্ৰয়োজনীয় উপাদান থাকে৷ আনহাতে আপেল আম্লীয়৷ ইয়াত থকা পি এইচৰ মাত্ৰা প্ৰায় ৩.৫, যিটো পৰিমাণ নেমুৰ দৰে চাইট্ৰিক ফলত তুলনাত সামান্য কম৷ সেয়ে কল বা আঙুৰতকৈও আপেল বেছি এচিডিটি৷ এনে পৰিস্থিতিত যিকোনো সময়ত আপেল খোৱাটো উচিত নহয়৷ সেয়ে পুষ্টিবিদে আপেল খোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰি দিছে৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে পুৱা আপেল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী৷ ইয়াৰ লগতে দুপৰীয়া ভাল খোৱাৰ পাছত আপেল খালেও সুফল পোৱা যায়৷ স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ দিছে যে পুৱা ব্ৰেকফাষ্টৰ সময়ত আপেল খোৱাটো বহু গুণে ভাল৷ কিন্তু ৰাতি আপেল খোৱাটো একেবাৰে অনুচিত৷ ইয়াৰ লগতে গাখীৰ আৰু আপেল একেলগে কেতিয়াও নোখোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷ অন্যথা উপকাৰতকৈ অপকাৰহে বেছি হোৱা সম্ভাৱনা থাকে৷ ফাইবাৰেৰে ভৰপূৰ এই ফলবিধ খালে গোটেই দিনটোত হজম প্ৰক্ৰিয়া স্বাভাৱিক থকাৰ লগতে পেটৰ আন সমস্যাসমূহো সমাধান হয়

LEAVE A REPLY

Please enter your comment!
Please enter your name here