দাঁত ব্ৰাছ কৰাৰ নিয়ম: জানি লওক?

0
1540


এটা সুন্দৰ হাঁহিয়ে এগৰাকী ব্যক্তিক সুন্দৰ কৰাৰ লগতে তেওঁৰ ব্যক্তিত্বও ফুটাই তোলে৷ ইয়াৰ লগতে আপোনাৰ ধুনীয়া দাঁত পাৰিয়েই এই হাঁহিক আৰু অধিক আকৰ্ষণীয় কৰি তোলে৷ সেইবাবে দাঁতপাৰিক আৰু অধিক সুন্দৰ, বগা আৰু মজবুত কৰিবলৈ বহুতেই বহুধৰণৰ উপায় অৱলম্বন কৰে৷ কিন্তু বিভিন্ন দিশত দেখিবলৈ পোৱা যায় যে ৰাতিপুৱা শুই উঠিয়েই হাতত তুলি লোৱা ব্ৰাছডাল ব্যৱহাৰ কৰোঁতে বহুতেই কিছুমান ভুল কৰে৷ যাৰ পৰিণতিত দাঁত পাৰিৰ সৌন্দৰ্যত আঘাত লগাৰ লেখীয়া হয়৷ দাঁত ব্ৰাছ কৰাৰ নিয়মসমূহ কি কি জানো আহক–


(১) ব্ৰাছ এডাল ক্ৰয় কৰোঁতে সদায় মন কৰিব লাগে যাতে আপোনাৰ মুখগহবৰৰ কাৰণে সঠিক হয়৷ যদি ব্ৰাছডাল মুখগহবৰৰ তুলনাত বহুত বেছি সৰু আৰু টান হয়, তেন্তে ই দাঁতপাৰিৰ কোণে কোণে গৈ সম্পূৰ্ণভাৱে চাফা কৰিব নোৱাৰে৷ যাৰ ফলত খোৱাবস্তু দাঁতৰ ফাকত ৰৈ বেমাৰৰ সৃষ্টি কৰিব পাৰে৷
(২) এডাল ব্ৰাছ দীঘলীয়া সময়লৈ ব্যৱহাৰ কৰিব নালাগে৷ চিকিৎসকে আগবঢ়োৱা পৰামৰ্শ মতে এডাল ব্ৰাছ কেৱল তিনি বা চাৰি মাহহে ব্যৱহাৰ কৰা উচিত৷
(৩) ব্ৰাছ কেতিয়াও জোৰে জোৰে ব্যৱহাৰ আৰু খৰধৰকৈ কৰিব নালাগে৷ ইয়াৰ ফলত দাঁতৰ আলুত আঘাত পোৱাৰ লগতে দাঁত ভালকৈ চাফা নহয়৷
(৪) দাঁতৰ লগতে দাঁতৰ আলুও চাফা কৰা খুবেই প্ৰয়োজনীয়৷ কাৰণ তাত বেক্টেৰিয়াই বাহৰ পাতে৷ ইয়াক চাফা নকৰিলে পাছলৈ আলুৰ পৰা ৰক্তক্ষৰণ আৰু বিষ আদি হ’ব পাৰে৷
(৫) দৈনিক দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে৷
(৬) দাঁত সদায় চাৰ্কুলাৰ মোচনত কৰিব লাগে। এনেকৈ কৰিলে ব্ৰাছডাল কোণে কোণে যাবলৈ সক্ষম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here