দাঁতেৰে বটলৰ সাঁফৰ খোলাৰ অভ্যাস আছে নেকি ? Are you in the habit of opening bottle lids with your teeth?

0
835
     আপোনাৰ মুখৰ সৌন্দৰ্যৰ অন্যতম কাৰক হৈছে আপোনাৰ সুন্দৰ হাঁহিটো৷ আৰু এই হাঁহিৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰে আপোনাৰ দাঁত দুপাৰিয়ে৷ ইয়াৰ লগতে বিভিন্ন খাদ্যৰ জুতি লোৱাতো দাঁত আৰু জিভাই মিলি একেলগে সহায় কৰে৷ কিন্তু দেখা যায় বহুতেই এই দাঁত দুপাৰি খাদ্য চোবোৱাৰ লগতে বিভিন্ন কামত আহিলা হিচাপেও ব্যৱহাৰ কৰে৷ যেনে– বটলৰ সাঁফৰ খোলা, বিভিন্ন প্লাষ্টিকৰ পেকেট ফলা আদি কামত ব্যৱহাৰ কৰে৷ কিন্তু আপোনাৰ দাঁত দুপাৰি এনেকুৱা কামত আহিলা হিচাপে ব্যৱহাৰ কৰাটো উচিতনে? মুঠেও নহয়৷ এনেবোৰ টান বস্তুক দাঁতেৰে কামোৰাৰ ফলত দাঁতৰ যথেষ্ট ক্ষতি হয়৷
Chateau of Smiles Dental Clinic - FYI! Your teeth are not tools!‼️ ?✂️❌ Avoid the habit of biting things and using them to open hard objects. You will lose then before you

কিছুমান মানুহে যিকোনো বটলৰ সাঁফৰ হাতেৰে খুলিবলৈ টান হ’লে নিজৰ দাঁত দুপাৰি ব্যৱহাৰ কৰে৷ কিন্তু দাঁত দুপাৰিক এনেদৰে প্লাষ্টিকৰ বটলৰ সাঁফৰ, আইনাৰ বটলৰ সাঁফৰ আদি টান বস্তু খোলাৰ কামত ব্যৱহাৰ কৰিলে দাঁতৰ এনামেলত আঘাত লাগি দাঁতৰ বিষ, দাঁত ভাঙি যোৱা, দাঁতৰ গুৰি দুৰ্বল হোৱা আদি সমস্যাসমূহে দেখা দিয়ে৷

woman-tearing-tape - Hinckley Precision Dental


একেদৰে কিছুমানৰ আকৌ দাঁতেৰে নখ কামোৰা, পেঞ্চিল কামোৰা আদিৰ অভ্যাস থাকে৷ এনেদৰে কৰাৰ ফলত দাঁতত জোৰ পৰাৰ লগতে ইয়াৰ জোঙ দাঁতৰ মঙহত লাগি ইনফেক্‌শ্যন হ’ব পাৰে৷ ইয়াৰ উপৰি নখ, পেঞ্চিল আদি সামগ্ৰী দাঁতেৰে কামোৰাৰ ফলত তাত থকা বেক্টেৰিয়া মুখেৰে প্ৰৱেশ কৰি আপোনাৰ শৰীৰৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

Fact on Twitter: "Biting on a pencil can help cure a headache." / Twitter

অকল বটলৰ সাঁফৰ, পেঞ্চিল, নখ আদিয়েই নহয়, দাঁতেৰে ৰছী ছিঙা, পেকেট খোলা, গধুৰ বস্তু দঙা আদি কামো একেবাৰে নিৰাপদ নহয়৷ মনত ৰাখিব আপোনাৰ দাঁত দুপাৰি খাদ্য চোবোৱাৰ বাবেহে হয়, ই কোনো আহিলা নহয়৷

Don't Let Your Child Use Their Teeth as Tools - Murray Dock, DDS, MSD

LEAVE A REPLY

Please enter your comment!
Please enter your name here