থিয় হৈ পানী সেৱন নকৰিব ইয়াৰ ক্ষতিকৰ কাৰণ কি ?

0
59

আমি থিয় হৈ পানী সেৱন কৰাটো শৰীৰৰ কাৰণে ক্ষতিকাৰক৷ এই কথা জনালে স্বাস্থ্য বিশেষজ্ঞই৷ কথাতে আছে বোলে পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ আৰু এই কথাটো এশ শতাংশই সত্য৷ কাৰণ মানৱ শৰীৰৰ বেছিভাগেই হৈছে পানী৷ অকল এয়াই নহয়, অধিকাংশ শাৰীৰবৃত্তীয় প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পানীয়ে৷ সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে পৰিমিত পৰিমাণে পানী সেৱন কৰাৰ পৰামৰ্শ দিয়ে৷ এতিয়া কথাটো হ’ল আপুনি পানী কিদৰে সেৱন কৰিব, অৰ্থাৎ পানী সেৱন কৰাৰ সঠিক পদ্ধতি জনাটো খুবেই প্ৰয়োজন৷ বহুতেই অত্যধিক পানীৰ পিয়াহত খৰধৰকৈ আহি থিয় হৈয়ে ঘটঘটকৈ জাৰৰ পৰা পানী সেৱন কৰি তৃষ্ণা নিবাৰণ কৰে৷ আপুনি তৃষ্ণা নিবাৰণ কৰিলে ঠিকেই৷ কিন্তু আপুনি পানী সেৱন কৰাৰ সঠিক পদ্ধতি অৱলম্বন কৰিছেনে নাই, সেইটো জনাটো খুবেই দৰকাৰ৷ মনত ৰাখিব এইদৰে থিয় হৈয়ে পানী সেৱন কৰিলে আপোনাৰ হ’ব পাৰে বিৰাট শাৰীৰিক ক্ষতি৷ থিয় হৈ পানী সেৱন কৰাটো উচিত নহয়৷ এই সম্পৰ্কত বিশেষজ্ঞই কোৱা মতে, বহুতৰে এনে এটা ধাৰণা আছে যে পানীৰ পিয়াহত যেনেকৈয়ে নহওক পানী সেৱন কৰি তৃষ্ণা দূৰ কৰিব লাগে৷ এইটো মুঠেও গ্ৰহণযোগ্য নহয়৷ এনেদৰে খৰধৰকৈ থিয় হৈয়ে পানী সেৱন কৰাৰ ফলত গেছ, এচিডিটিৰ সমস্যাই ভয়াৱহৰূপে দেখা দিব পাৰে৷ সেয়ে পানী সেৱন কৰাৰ সময়ত ভালদৰে বহি লৈ লাহে লাহে সেৱন কৰাটো অতি জৰুৰী তথা স্বাস্থ্য উপযোগী৷ এই পদ্ধতি অৱলম্বন কৰি পানী সেৱন কৰিলে শাৰীৰিক লাভ হোৱাৰ লগতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here