থাইৰয়ডৰ সমস্যা

0
2035

থাইৰয়ড গ্ৰন্থিয়ে আহাৰত থকা আয়’ডিন শোষণ কৰি ইয়াক থাইৰ’ক্সিন (T4) আৰু ট্ৰাই আয়ড’থাইৰনিন (T3) নামৰ থাইৰয়ড হৰম’নলৈ পৰিৱৰ্তিত কৰে। থাইৰয়ড হৰম’নে শৰীৰৰ পৰিপাক প্ৰক্ৰিয়া (Metabolism) নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে শৰীৰৰ বৃদ্ধি আৰু ক্ষতিপূৰণ কৰাত সহায় কৰে। যেতিয়া এই দুবিধ হৰম’নৰ সঠিক মাত্ৰাত নিঃসৰণত কোনো তাৰতম্য ঘটে, তেতিয়া শৰীৰত বিভিন্ন জটিলতাই দেখা দিব পাৰে, যিবোৰক থাইৰয়ডৰ সমস্যা বুলি কোৱা হয়।
থাইৰয়ড হৰম’ন প্ৰয়োজনতকৈ কম ক্ষৰণ হ’লে ইয়াক ‘হাইপ’থাইৰয়ডিজম’ আৰু প্ৰয়োজনতকৈ অধিক নিঃসৰণ হ’লে ইয়াক ‘হাইপাৰথাইৰয়ডিজম’ বুলি কোৱা হয়।

হাইপ’থাইৰয়ডিজম—
এই ৰোগ হোৱাৰ কাৰণ হ’ল—
• এই ৰোগত ভোগা ৰোগীৰ প্ৰায় ৯০ শতাংশৰ ক্ষেত্ৰত ৰোগৰ কাৰণ হ’ল এক অট’ এমিনো ৰোগ, যিবোৰক হাছিম’টজ থাইৰয়ডিজ বুলি জনা যায়। এই ৰোগত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ব্যৱস্থাই ভুলক্ৰমে থাইৰয়ড গ্ৰন্থিক আক্ৰমণ কৰে, যাৰ ফলত থাইৰয়ড গ্ৰন্থিয়ে প্ৰয়োজন অনুসৰি থাইৰয়ড হৰম’ন নিঃসৰণ কৰিব নোৱাৰে।
• খাদ্যত আয়’ডিনৰ অভাৱ হ’লে।
• বংশগত ক্ৰুটি।
• অস্ত্ৰোপচাৰৰ দ্বাৰা থাইৰয়ড গ্ৰন্থি আঁতৰাই পেলালে।
• কোনো শিশুৰ ভালদৰে সৃষ্টি আৰু বিকশিত নোহোৱা থাইৰয়ড গ্ৰন্থিৰ সৈতে জন্মলাভ কৰিলে।
• কেতবোৰ ঔষধৰ প্ৰভাৱ।

ৰোগৰ লক্ষণ—
????ভাগৰ লগা
????সঘনাই ঠাণ্ডা লগা
????শৰীৰৰ ওজন বৃদ্ধি পোৱা
????শুষ্ক ছাল, চুলি পাতল হোৱা আৰু চুলি সৰা
????মুখ ফুলি যোৱা
????মহিলাৰ অনিয়মীয়া মাহেকীয়া আৰু অধিক ৰক্তক্ষৰণ।
????শৰীৰৰ মাংসপেশীৰ দুৰ্বলতা আৰু গাঁঠিৰ বিষ,
????কোষ্ঠকাঠিন্য
????স্মৃতিশক্তি হ্ৰাস পোৱা
????মাত কৰ্কশ হোৱা
????মানসিক বিষণ্ণতা
????শিশুৰ ক্ষেত্ৰত শৰীৰৰ বিকাশ কম হোৱা
????মানসিক বিকাশত বাধা
????স্থায়ী দাঁত ওলোৱাত পলম আদি লক্ষণ দেখা যায়।

খাদ্যত থকা কিছুমান পুষ্টিদ্ৰব্যই থাইৰয়ড গ্ৰন্থিৰ ক্ৰিয়া সঠিক ৰখাত সহায় কৰে। এনে পুষ্টিদ্ৰব্য হ’ল আয়’ডিন, চিলিনিয়াম আৰু জিংক।

আয়’ডিনৰ ভাল উৎস হ’ল—
????গাখীৰ
????চিজ
????গাখীৰৰ পৰা তৈয়াৰী খাদ্য
????আয়’ডিনযুক্ত নিমখ,
????সাগৰীয় মাছ
????কণী।
এটা কথা মনত ৰখা উচিত যে প্ৰয়োজনতকৈ অধিক মাত্ৰাত আয়’ডিন গ্ৰহণ কৰিলে থাইৰয়ডিজমৰ সমস্যা অধিক জটিল হৈ পৰিব পাৰে।

চিলিনিয়াম—
খাদ্যত চিলিনিয়ামৰ ভাল উৎস হ’ল –
????সাগৰীয় মাছ, যেনে— টুনা, মিছা মাছ, টাৰ্কী, হেম, চিকেন আদি মাংস, কণী, অট’মিন, ৰঙচুৱা আটাৰ ব্ৰেড, ব্ৰাজিল নাট আদি।

জিংক—
খাদ্যত জিংকৰ প্ৰধান উৎস হ’ল –
????অইষ্টাৰ (এজাতি সাগৰীয় শামুক)
????কেঁকোৰা,
????গাহৰি আৰু গৰুৰ মাংস,
????কুকুৰাৰ মাংস,
????ছেঁই ধৰা মাহজাতীয় আহাৰ, যেনে— বীন, মটৰ, মচুৰ দাইল, ৰঙালাওৰ বীজ, দৈ আদি।

পৰিহাৰ কৰিবলগীয়া খাদ্য—
গইট্ৰ’জেনছ—
গইট্ৰ’জেনযুক্ত খাদ্য হ’ল— সেউজীয়া কবি, পাচলি যেনে- ব্ৰ’কলি, ফুলকবি, বন্ধাকবি আদি। পালেং, ছয়াবিন আৰু ছয়াবিনৰ পৰা তৈয়াৰী খাদ্য যেনে- টফু, ছয়া মিল্ক আদি, মিঠা আলু, ষ্ট্ৰবেৰী, নৰাবগৰী, কণীধান, বাদাম আদি।

গ্লুটেন—
গ্লুটেনসমৃদ্ধ আহাৰ হ’ল আটা, বাৰ্লি, ঔটছ, ৰাই আদি।

সংশ্লেষিত খাদ্য (Processed food)—
এনে খাদ্য অধিক কেলৰিযুক্ত হয় আৰু ইয়াত পুষ্টিগুণ বহুত কম থাকে। এনে খাদ্যই ওজন বৃদ্ধি কৰে। ফাষ্ট ফুড, হট ড’গ, কেক, পেষ্ট্ৰি আদি ইয়াৰ কিছু উদাহৰণ।

হাইপাৰথাইৰডিজম—
এই ৰোগৰ লক্ষণসমূহ হ’ল
???? হঠাৎ ওজন হ্ৰাস হোৱা,
????ভোক বৃদ্ধি,
????মানসিক উদ্বিগ্নতা,
???? অস্থিৰতা,
????খিংখিঙীয়া ভাৱ,
????সঘনাই মনৰ সলনি হোৱা,
????গৰম লগা,
????বুকুৰ ধপধপনি,
????টোপনিত ব্যাঘাত জন্মা,
????ক্লান্তি,
????মাংসপেশীৰ দুৰ্বলতা,
????হাতৰ কঁপনি,
????হাড়ৰ ক্ষয়,
???? মহিলাৰ মাহেকীয়া সমস্যা,
????চুলি সৰা,
????থাইৰয়ড গ্ৰন্থিৰ বৃদ্ধি বা গইটাৰ (ডিঙিৰ তলৰ অংশ ফুলি উঠা)।
হাইপাৰথাইৰয়ডিজমত প্ৰয়োজনাধিক থাইৰয়ড হৰম’ন নিঃসৰণ হয়, যিবোৰক thyrotoxixosis বুলিও কোৱা হয়। কম আয়’ডিনযুক্ত আহাৰ গ্ৰহণে থাইৰয়ড হৰম’নৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে। সেইয়েহে দৈনিক আহাৰত কম আয়’ডিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। কিছুমান কম আয়’ডিনযুক্ত আহাৰ হ’ল— আয়’ডিনযুক্ত নিমখ, গাখীৰ নিদিয়া চাহ বা কফি, কণীৰ বগা অংশ, সতেজ বা টিনত থকা ফল, নিমখ নিদিয়া বাদাম আৰু বাদামৰ পৰা তৈয়াৰী মাখন, ঘৰত বনোৱা ব্ৰেড বা গাখীৰ, নিমখ আৰু কণী নিদিয়া ব্ৰেড, আয়’ডিনযুক্ত নিমখ থকা পপকৰ্ণ, ঔটছ, আলু, মৌ আদি।

কিছুমান পাচলি— ফুলকবি, ব্ৰ’কলি, বাঁহগাজ আদি পাচলিয়ে থাইৰয়ড গ্ৰন্থিক আয়’ডিন ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰিব পাৰে।

ভিটামিন আৰু খনিজ পদাৰ্থ— থাইৰয়ড হৰম’নৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰিবলৈ আৰু থাইৰয়ড গ্ৰন্থিৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ কেইবাবিধ পুষ্টিদ্ৰব্যই সহায় কৰে।

আইৰণ— শৰীৰৰ বিভিন্ন জৰুৰী কাৰ্য সম্পাদন কৰাত আইৰণে সহায় কৰে। শৰীৰত আইৰণৰ পৰিমাণ কম হ’লে হাইপাৰথাইৰয়ডিজম ৰোগৰ সম্ভাৱনা বাঢ়ে। সেয়েহে দৈনিক আহাৰত আইৰণ সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰা আৱশ্যক। আইৰণৰ ভাল উৎস হ’ল— শুকান বীন, গাঢ় সেউজীয়া পাচলি, মচুৰ দাইল, বাদাম, কুকুৰা আৰু টাৰ্কীৰ মাংস, ছাগলীৰ মাংস, গোটা মাহজাতীয় খাদ্য আদি।

চিলিনিয়াম— চিলিনিয়াম সমৃদ্ধ আহাৰে থাইৰয়ড হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰিত ৰখাত সহায় কৰি থাইৰয়ডক ৰোগমুক্ত ৰখাত সহায় কৰে। চিলিনিয়ামৰ ভাল উৎস হ’ল মাছৰূম (কাঠফুলা), চাহ, মাংস, অ’টব্ৰেন, সূৰুযমুখীৰ বীজ, ভাত আদি।

জিংক— এইবিধ দ্ৰব্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা তথা থাইৰয়ডৰ সুস্বাস্থ্য ৰক্ষাত সহায় কৰে। জিংকৰ উৎস হ’ল- মাংস, ক’ক পাউদাৰ, কাজু বাদাম, মাছ, ৰঙালাওৰ বীজ আদি।

কেলচিয়াম আৰু ভিটামিন-ডি— হাইপাৰথাইৰয়ডিজম ৰোগত হাড় দুৰ্বল আৰু ঠুনুকা হয় আৰু ভিটামিন-ডি আৰু কেলচিয়ামে হাড়ৰ সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। কেলচিয়াম সমৃদ্ধ আহাৰ হ’ল পালেং শাক, এলমণ্ড মিল্ক, বগা ব্ৰেড, ভেণ্ডি, কেলচিয়াম সমৃদ্ধ ফলৰ ৰস আদি।
কম আয়’ডিনযুক্ত ভিটামিন-ডি সমৃদ্ধ কেতবোৰ খাদ্যদ্ৰব্য হ’ল মাছৰূম(কাঠফুলা), অধিক চৰ্বিযুক্ত মাছ, ভিটামিন-ডি সমৃদ্ধ আহাৰ। তদুপৰি ৰ’দৰ তাপে শৰীৰত ভিটামিন-ডি প্ৰস্তুত হোৱাত সহায় কৰে।

উপযুক্ত চৰ্বি— গোটা আহাৰ আৰু অসংশ্লেষিত আহাৰত থকা চৰ্বিয়ে উখহা উপশম কৰাত সহায় কৰে। ইয়াৰ লগতে এনে চৰ্বিয়ে থাইৰয়ড হৰম’নৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে। এনে চৰ্বিৰ উৎস হ’ল- ফ্লেক্সচিড, অলিভ অইল, নাৰিকলৰ তেল, এভ’কেড’ সূৰুযমুখীৰ তেল, নিমখৰহিত বাদাম আৰু বীজ।

মচলা— কিছুমান মচলা আৰু বনশাকৰ উখহা উপশম কৰাৰ গুণ আছে। যি থাইৰয়ডৰ কাৰ্যকলাপ সঠিক ৰখাত সহায় কৰে। দৈনিক আহাৰত হালধি, জালুক, কেঁচা জলকীয়া আদি এণ্টিঅক্সিডেণ্ট গুণসম্পন্ন খাদ্যদ্ৰব্য ব্যৱহাৰ কৰক।

পৰিহাৰ কৰিবলগীয়া খাদ্য—
প্ৰয়োজনাধিক আয়’ডিন— অতিৰিক্ত আয়’ডিনযুক্ত আহাৰ গ্ৰহণে হাইপাৰথাইৰয়ডিজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। সেইয়েহে আয়’ডিন সমৃদ্ধ আহাৰ নোখোৱাই শ্ৰেয়। উদাহৰণ স্বৰূপে সাগৰীয় মাছ, মিছা মাছ, কেঁকোৰা, গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী আহাৰ, কণীৰ কুহুম, আয়’ডিনযুক্ত নিমখ আদি।

নাইট্ৰেট— নাইট্ৰেট হ’ল কিছুমান খাদ্যত প্ৰাকৃতিকভাৱে থকা এক ৰাসায়নিক দ্ৰব্য, যি থাইৰয়ড গ্ৰন্থিক অধিক আয়’ডিন শোষণত সহায় কৰে।
সংশোধিত খাদ্যত অতিৰিক্ত নাইট্ৰেট থাকে। কিছুমান অধিক নাইট্ৰেট যুক্ত আহাৰ, যেনে— সংশোধিত মাংস, বীট, পালেং, ধনীয়া, বন্ধাকবি, গাজৰ, তিঁয়হ, ৰঙালাও আদি কমাই খাব লাগে।

গ্লুটেন— কিছুমান ব্যক্তিৰ ক্ষেত্ৰত গ্লুটেনে থাইৰয়ড গ্ৰন্থিৰ অপকাৰ কৰিব পাৰে। গ্লুটেন, এলাৰ্জী বা সংবেদনশীলতা নাথাকিলেও আটা, বাৰ্লি, ৰাই, ম’ল্ট আদি গ্লুটেনযুক্ত খাদ্য খোৱা উচিত।

ছয়া— ছয়াবিন যুক্ত আহাৰত আয়’ডিন নাথাকিলেও ই থাইৰয়ড ৰোগৰ চিকিৎসাত ব্যৱহৃত দৰবৰ ক্ৰিয়াত বাধা দিব পাৰে। সেইয়েহে ছয়াবিন আৰু ইয়াৰ পৰা তৈয়াৰী গাখীৰ, টফু, চচ্, ক্ৰীম আদি কমাই খাব লাগে।

কেফেইন— কোনো ব্যক্তিৰ ক্ষেত্ৰত কেফেইযুক্ত আৰু পানীয় যেনে- চাহ, কফি, চচ্, চকলেট আদিয়ে হাইপাৰথাইৰয়ডিজম ৰোগৰ কিছু লক্ষণ যেনে-

????উদ্বিগ্নতা,
????উৎকণ্ঠা, ,
????অস্থিৰতা আৰু বুকুৰ ধপধপনি বৃদ্ধি কৰিব পাৰে। কোনো ব্যক্তিৰ এনে লক্ষণ বৃদ্ধি পালে কেফেইনযুক্ত আহাৰ গ্ৰহণ সীমিত বা বৰ্জন কৰিব লাগে। ইয়াৰ পৰিৱৰ্তে হাৰ্ৱেল টি, সুস্বাদু পানীয়, এপ’ল চিভাৰ আদি গ্ৰহণ কৰিব পাৰে। এইবোৰৰ উপৰি থাইৰয়ডৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক সুস্থ জীৱনশৈলী গ্ৰহণ কৰা অতি আৱশ্যক। নিয়মিত শাৰীৰিক পৰিশ্ৰম, ব্যায়াম, যোগাভ্যাস বা খোজ কঢ়াৰ উপৰি সঠিক সময়ত আহাৰ গ্ৰহণ, পৰ্যাপ্ত টোপনি, মানসিক চাপ, চিন্তা ত্যাগ কৰি এক সুস্থ জীৱনশৈলী অৱলম্বনৰ দ্বাৰা বহু সুফল লাভ কৰিব পাৰি। পূৰ্বতে উল্লেখ কৰা কোনো লক্ষণে দেখা দিলে অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here