তৰমুজৰ গুটিৰ কেইটামান আশ্চৰ্যকৰ গুণ কি?

0
2076

গ্ৰীষ্মকালৰ এবিধ সুস্বাদু ফলৰ ভিতৰত তৰমুজ অন্যতম৷ তৰমুজ খাই ভাল নোপোৱা মানুহ নাই৷ ইয়াৰ সেৱনে দেহত পানীৰ অভাৱ দূৰ কৰে৷ প্ৰায়ভাগ লোকেই তৰমুজ খাই ইয়াৰ গুটিবোৰ পেলাই দিয়া দেখা যায়৷ কিন্তু তৰমুজৰ গুটিৰ কেইটামান আশ্চৰ্যকৰ গুণৰ কথা জানিলে আপুনিও ইয়াৰ গুটিবোৰ হয়তো পেলাই নিদি সযতনে ৰাখিব৷

(১) তৰমুজৰ গুটিয়ে হাৰ্ট এটেক, ষ্ট্ৰ’ক আৰু কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখে৷
(২) তৰমুজৰ গুটিত প্ৰচুৰ পৰিমাণে জিংক থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে, হজম শক্তি বৃদ্ধি কৰে, কোষৰ বিকাশ, মগজু আৰু স্নায়ৱিক প্ৰক্ৰিয়া সবল কৰি ৰাখে৷
(৩) তৰমুজৰ গুটিত থকা মেগনেচিয়ামে শৰীৰত মেটাবলিজম বৃদ্ধি কৰে৷
(৪) তৰমুজৰ গুটিয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে আৰু টাইপ-২ ডায়েবেটিছ নিৰাময়ত সহায় কৰে৷
(৫) ইয়াৰ গুটিয়ে শৰীৰক শক্তি প্ৰদান কৰে৷
(৬) হাড় দুৰ্বল হ’লে নাইবা অষ্টিঅ’পৰোছিছৰ দৰে ৰোগত তৰমুজৰ গুটি অতি উত্তম৷
(৭) হাৰ্ট সুস্থ কৰি ৰাখিবলৈ তৰমুজৰ গুটি খাব লাগে৷
(৮) চুলি মজবুত কৰি ৰখা, চুলি সৰা, চুলিৰ বিকাশত তৰমুজৰ গুটিয়ে সহায় কৰে৷
(৯) ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালখন চাফা কৰি ৰখাত সহায় কৰে৷ ছালৰ বিভিন্ন সমস্যা, বেচু, শুকান ছাল, শালমইনা, বয়সৰ চাপ নোহোৱা কৰা আদিবোৰ তৰমুজৰ গুটিয়ে দূৰ কৰে৷
(১০) তৰমুজৰ গুটি পিহি মুখত লগালে ছালৰ ৰং বগা হয়৷ লগতে ইয়াৰ প্ৰলেপ মূৰৰ বিষত লগালেও সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here