তেজপাতৰ তেজ ক’ত ?

0
2072

তৰকাৰী বা মাংসৰ ব্যঞ্জনখনত তেজপাত নিদিলে যেন তাৰ সোৱাদেই আধৰুৱা হয়৷ ইয়াৰ সুগন্ধিযুক্ত গোন্ধে ব্যঞ্জনখনক অন্য এক সোৱাদ দিয়ে৷ তেজপাত এবিধ সুগন্ধি মছলা৷ মছলা হিচাপে ব্যৱহাৰ হ’লেও এই তেজপাতৰ আছে বহুতো ঔষধি গুণ৷ ভিটামিন-ই আৰু ভিটামিন-চিৰে সমৃদ্ধ তেজপাতত ফলিক এচিড আৰু বিভিন্ন খনিজ উপাদান পোৱা যায়৷ তেজপাতৰ গুণাগুণবিলাকৰ বিষয়ে জানো আহক–

১) কেইটামান তেজপাত গৰম পানীত সিদ্ধ কৰি ল‌ওক। ঠাণ্ডা হোৱাৰ পাছত পানীখিনি চুলিত সানক। কিছসময়ৰ পাছত ধুই দিয়ক। দেখিব এনে কৰিলে আপোনাৰ চুলি সৰা বন্ধ হোৱাৰ লগতে উফিও নাইকিয়া হ’ব।৷
২) গৱেষণাৰ পৰা গম পোৱা গৈছে যে দিনে অন্ততঃ দুবাৰ তেজপাত খালে তেজত শৰ্কৰাৰ পৰিমাণ কমে৷ ফলত ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে৷
৩) তেজপাতে স্বাভাৱিক হজমশক্তি বৃদ্ধি কৰে৷ তেজপাতে শৰীৰত থকা অতিৰিক্ত টক্সিন বাহিৰ কৰি দিয়ে৷ যিসকলে অন্ত্ৰৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ কাৰণে তেজপাত অত্যন্ত উপকাৰী৷
৪) হৃদৰোগীৰ বাবে তেজপাত খোৱাটো আৱশ্যক৷ ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমাই ৰাখে৷
৫) মূৰৰ বিষ, গাঁঠিৰ বিষ, বাতবিষ আদি সকলো ধৰণৰ বিষ তেজপাতে উপশম কৰে৷
৬) তেজপাতে কেঞ্চাৰৰ কোষ ধবংস কৰে৷ ইয়াত থকা ফাইট’নিউট্ৰিয়েন্স আৰু কেটচীন নামৰ উপাদানে কেঞ্চাৰ কোষক নিয়ন্ত্ৰণ কৰে৷
৭) তেজপাতত এণ্টিবেক্টেৰিয়েল উপাদান থকা বাবে ক্ষতস্থানৰ পৰা তেজ ওলোৱাত বাধা দিয়ে৷
৮)কাহ, ডিঙিৰ সুৰসুৰণি আদি নিৰাময়ৰ বাবে তেজপাত অতি উত্তম৷
৯) তেজপাতে শৰীৰত ইউৰিয়াৰ পৰিমাণ কমাই ৰখাত সহায় কৰে৷ ফলত কিডনীৰ সমস্যাৰ লগতে গেছৰ সমস্যা নিৰ্মূল কৰিব পাৰে৷
১০) মানসিক ভাগৰ, অৱসাদ দূৰ কৰাত তেজপাতে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ মন-মেজাজ ভাল নহ’লে একাপ তেজপাত মিহলোৱা চাহ খালে মুহূৰ্ততে মন সতেজ হয়৷
মন কৰিবলগীয়া যে গৰ্ভৱতী মহিলাক কেতিয়াও তেজপাত খাবলৈ দিব নালাগে৷ আনহাতে, অস্ত্ৰোপচাৰ বা ছাৰ্জাৰী কৰা ব্যক্তিক দুসপ্তাহলৈ তেজপাত খাবলৈ নিদিয়াটোৱেই ভাল। কাৰণ তেজপাতে স্নায়ুতন্ত্ৰৰ ওপৰত কু-প্ৰভাৱ পেলাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here