তৃতীয় ঢৌক লৈ আতংকিত নহ’ব: ডাঃ ৰণদীপ গুলেৰিয়া

0
1316
কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৱে শিশুসকলক লক্ষ্য কৰি ল’ব বুলি প্ৰকাশ পোৱা বাতৰিত বিশেষজ্ঞসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ পেড্ৰিয়াটিক্‌ছ এছ’চিয়েশ্যনে কয় যে তৃতীয় ঢৌত শিশুসকলৰ সংক্ৰমণ অধিক হাৰত হ’ব বুলি প্ৰকাশ পোৱা বাতৰি তথ্য ভিত্তিক নহয়৷ আনহাতে চৰকাৰেও এই কথা প্ৰকাশ কৰিছে যে তৃতীয়টো ঢৌত শিশুসকল গুৰুতৰৰূপে আক্ৰান্ত হোৱাৰ কোনো লক্ষণ এতিয়ালৈকে পোৱা নাই৷ কৰ’নাৰ পৰিস্থিতিক লৈ হোৱা এখন সংবাদমেলত দিল্লীস্থিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, চমুকৈ এইম্‌ছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই কয় যে দ্বিতীয়টো ঢৌত যথেষ্ট কমসংখ্যক শিশুৰ সংক্ৰমণ হৈছে৷ এনে অৱস্থাত তৃতীয়টো ঢৌত শিশুৰ সংক্ৰমণ অধিক  হ’ব বুলি মনে নধৰে৷ তেওঁৰ লগতে পেড্ৰিয়াটিক্‌ছ এছ’চিয়েশ্যনে কয় যে এনেধৰণৰ বাতৰিৰ প্ৰভাৱ যাতে শিশুৰ ওপৰত নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণ আতংকিত হৈ পৰিব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here