Home Daily news তাৰকাৰাজ্যৰ ৰহস্য উন্মোচনৰ অংশীদাৰ হ’ল অসম-সন্তান

তাৰকাৰাজ্যৰ ৰহস্য উন্মোচনৰ অংশীদাৰ হ’ল অসম-সন্তান

পৃথিৱীৰ পৰা প্ৰায় ১.৫- ৩.৯ বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত নীলা আটিল বাওনা তাৰকাৰাজ্য গঠনৰ আন্তৰ্জাতিক অধ্যয়ন আৰু ৰহস্য উন্মোচনৰ অংশীদাৰ হৈ তেজপুৰ বিশ্ববিদ্যালয়ক গৌৰৱৰ অধিকাৰী কৰিছে বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰ অংশুমান বৰগোহাঁয়ে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা আই ইউ চি এ এ জেদৰ সংযোগী ড॰ ৰূপজ্যোতি গগৈ আৰু অধ্যাপক ড॰ কনক সাহাৰ যুটীয়া তত্ত্বাৱধানত গৱেষক ছাত্ৰ অংশুমানে তাৰকা ৰাজ্যৰ সমাৱেশ, ক্ৰমবিকাশ আৰু গঠন  প্ৰক্ৰিয়া বিষয়ক লৈ গৱেষণাত জড়িত হৈ আছিল৷ 
ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ ক্ৰমে ড॰ শ্যাম টেণ্ডন, ড॰ ফ্ৰান্যোৱাচ ক’ম্ব আৰু  ড॰ ব্ৰুচ এল্ম’ গ্ৰীনৰ  অংশগ্ৰহণেৰে  চলোৱা এই প্ৰণালীবদ্ধ গৱেষণা আৰু অধ্যয়নত দেশৰ প্ৰথম সমৰ্পিত বহু তৰংগদৈৰ্ঘ্যৰ মহাকাশ পৰ্যবেক্ষণালয় এছেট্ৰাচেটত আলট্ৰাভায়োলেট ইমেজিং টেলিস্কোপ [ইউ ভি আই টি] ব্যবহাৰ কৰা হৈছিল৷ 
যোৱা ২০ জুলাইত প্ৰখ্যাত বিজ্ঞান আলোচনী ‘নেচাৰ’ত  প্ৰকাশিত উল্লিখিত বিষয়ক প্ৰবন্ধটোৰ মুখ্য লেখক আছিল অংশুমান বৰগোহাঁই৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ বিনোদ কুমাৰ জৈনে এই আৱিষ্কাৰ আৰু বিশ্ববিদ্যালয়ৰ IUCAAৰ লগত থকা সহযোগিতাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি কয় যে বিশ্বব্ৰহ্মাণ্ডৰ জন্ম আৰু ইয়াৰ পৰিক্ৰমা বুজি পোৱাটো মানৱ সভ্যতাৰ বাবে এক ৰহস্য৷ 
পূৰ্বতে নেদেখা এনে পৰিঘটনাৰ আৱিষ্কাৰ তেনেধৰণৰেই এক ৰহস্য আৰু এই আৱিষ্কাৰে ভাৰতৰ বৈজ্ঞানিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, ভৱিষ্যতৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে৷ এনে অত্যাধুনিক সা-সুবিধাযুক্ত পৰ্যবেক্ষণ কেন্দ্ৰ উপলব্ধ কৰোৱাৰ বাবে এই জ্যোতিৰ্বিজ্ঞানী দলটোৱে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ লগতে আন ভাৰতীয় আৰু বৈদেশিক গৱেষণাগাৰসমূহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...