ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান

0
1306


শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ড্ৰাগ্‌ছ সৰবৰাহৰ ঘটনা৷ নৱপ্ৰজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া সৰ্বনাশী ড্ৰাগ্‌ছ ৰাজ্যত ভয়ানকভাৱে শিপাইছে৷ ৰাজ্যৰ চাৰিওফালে মাৰাত্মক ড্ৰাগ্‌ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাইছে ইটোৰ পাছত সিটো অভিযান৷ চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু নাগালেণ্ডৰ পৰা সববৰাহ হোৱা ড্ৰাগ্‌ছ এতিয়া ৰাজ্যৰ গাঁৱে-ভূঞে প্ৰায় প্ৰতিটো অঞ্চলতে বিয়পি পৰিছে৷ বিগত এসপ্তাহত অসম আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন, ব্ৰাউন ছুগাৰ, গাঞ্জা, নিচাযুক্ত টেবলেট আদি জব্দ কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্‌ছ সৰবৰাহকাৰী চক্ৰক সমূলি উৎখাত কৰাৰ বাবে অসম আৰক্ষীক কঠোৰভাৱে নিৰ্দেশ দিছে৷ সেয়েহে আৰক্ষীয়ে অধিক তৎপৰতাৰে ড্ৰাগ্‌ছ-বিৰোধী অভিযানত নামি পৰিছে৷ যোৱা ২৬ মে’ৰ দিনা আৰক্ষীয়ে ৪২জন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগতে ১,১৪৪.৮৪৩ গ্ৰাম হেৰ’ইন, ২,২৫০ কিলোগ্ৰাম গাঞ্জা, ১৮৪টা কফ ছিৰাপৰ বটল, ৭১,৭৩০টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷ আনহাতে বিভিন্ন স্থানৰ পাণ দোকানী, একশ্ৰেণী শ্ৰমিক, এচাম পদপথৰ দোকানী আদি একাংশ লোকক এজেণ্ট সজাই এটা দুষ্ট চক্ৰই ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে মেলি দিছে ড্ৰাগছৰ অবৈধ বেহা৷ আনহাতে যোৱা ২৭ মে’ত মহানগৰৰ পল্টন বজাৰৰ নেপালী মন্দিৰৰ সমীপৰ পৰা মহানগৰ আৰক্ষীয়ে দুজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰু বুজন পৰিমাণৰ ড্ৰাগ্‌ছ জব্দ কৰে৷ জব্দকৃত ড্ৰাগ্‌ছখিনিৰ মূল্য ২ লাখ টকা হ’ব বুলি কোৱা হৈছে৷ কাৰ্বি আংলং জিলাৰ বোকাজানত পুনৰ হেৰ’ইনসহ এগৰাকী মহিলা ড্ৰাগ্‌ছ সৰবৰাহকাৰীক আটক কৰা হৈছে৷ ইয়াৰে শান্তিপুৰত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচী অভিযানত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছত খটখটি থানাৰ অন্তৰ্গত কছাৰী গাঁৱৰ নিৱাসী ৰিম্পা হাজৰিকাই দুটা কাপোৰৰ বেগত ভৰাই অনা অৱস্থাত ৬৪টা চাবোনৰ বাকচত মুঠ ৭২৩ গ্ৰাম মাৰাত্মক হেৰ’ইন জব্দ কৰে৷ জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত বালিডোঙাত যোৱা ২৬ মে’ৰ নিশা হেৰ’ইনৰ সৈতে এজন ড্ৰাগ্‌ছ বেপাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে, উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুছেইন, চক্ৰ পৰিদৰ্শক দিলীপ বণিয়া আৰু ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে ইটাখোলাৰ সমীপৰ বালিডোঙাস্থিত নাৰায়ণপুৰৰ পৰা কুখ্যাত ড্ৰাগ্‌ছ বেপাৰী জয়নাল আবেদিনক দুই লাখ টকাৰ হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে৷ জব্দ কৰা ড্ৰাগ্‌ছখিনিৰ ওজন ১৪ গ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰে৷ আনহাতে বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰাৰ নেতৃত্বত এটা অভিযানকাৰী দলে চিদলী থানাৰ অন্তৰ্গত চান্দপুৰ আৰু বিজনী থানাৰ অন্তৰ্গত ডাঙাইগাঁৱত চলোৱা অভিযানত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইন তথা অন্যান্য সামগ্ৰী জব্দ কৰে৷ ধৃত অপৰাধীকেইটা হ’ল মোঝাবাৰী গাঁৱৰ ৰছিদ খান, বাসুগাঁৱৰ পশ্চিম দেউলগুৰিৰ আবেদ আলী, মোঝাবাৰী গাঁৱৰ মনোহৰ হুছেইন আৰু বৰপেটা জিলাৰ বগৰোন্দাৰ চাবিৰুদ্দিন আহমেদ৷ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে খাৰুপেটীয়াৰ হস্পিটেল পথ এলেকাত এজন ব্যক্তিৰ পৰা প্লাষ্টিকৰ বাৰটা ক্ষুদ্ৰ কণ্টেইনাৰত নিষিদ্ধ ড্ৰাগ্‌ছ ব্ৰাউন ছুগাৰ আৰু লগতে নগদ পাঁচ হাজাৰ টকা জব্দ কৰে৷ আটকাধীন অবৈধ ড্ৰাগ্‌ছ সৰবৰাহকাৰীজনক নাগাজানী গাঁৱৰ ৱাহেদুৰ জামান বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here