ডেল্টা ভেৰিয়েণ্টৰ বিৰুদ্ধে নব্বৈ শতাংশ কাৰ্যকৰী স্পুট্‌নিক ভি

0
1523
কভিড প্ৰতিহত কৰিবলৈ দেশীয় বা বিদেশীভাৱে প্ৰস্তুত বহুকেইটা ভেক্‌চিন ইতিমধ্যে বজাৰলৈ ওলাইছে৷ এই ভেক্‌চিনবোৰৰ কভিডৰ বিভিন্ন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কিমান কাৰ্যকৰী, তাৰো ফলপ্ৰসূতাৰ বিষয়ে অধ্যয়নত প্ৰকাশ পাইছে৷ কভিডৰ ডেল্টা ভেৰিয়েণ্ট প্ৰতিহত কৰিবৰ কাৰণে ৰাছিয়াত প্ৰস্তুত হোৱা স্পুট্‌নিক ভি নামৰ ভেক্‌চিনটো ৯০ শতাংশ কাৰ্যকৰী বুলি দেশখনৰ একাংশ বিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে৷ ৰাছিয়াই ২০২০ চনত কভিড-১৯ প্ৰতিৰোধৰ বাবে স্পুট্‌নিক ভি প্ৰস্তুত কৰি উলিয়াইছিল৷ Novosibirsk University পৰীক্ষাগাৰৰ মুৰব্বী ছেৰ্গেই নেটেছোভে কয় যে আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি বিভিন্ন দেশে আন ভেক্‌চিনৰ সমান্তৰালভাৱে স্পুট্‌নিক ভি ভেক্‌চিন কভিড প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ হিচাপে কাম কৰিছিল৷ শেহতীয়াভাৱে স্পুট্‌নিক ভি ভেক্‌চিন কভিডৰ পৰিৱৰ্তিত ভেৰিয়েণ্টৰ বিৰুদ্ধে সফল বুলি প্ৰমাণিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here