ডেল্টা প্লাছৰ দ্বাৰা সংক্ৰমিত মহাৰাষ্ট্ৰত ৪৫জন লোক

0
488
মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে জনাইছে যে মহাৰাষ্ট্ৰত মুঠ ৪৫জন লোক ডেল্টা প্লাছ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হৈছে৷ ইয়াৰে এজনৰ মৃত্যু হৈছে৷ এই ৰোগীসকলৰ আটাইতকৈ বেছিসংখ্যক ১৩জন ৰোগী হৈছে উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁৱৰ৷ তাৰ পাছত আছে উপকূলীয় কংকন অঞ্চলৰ ৰত্নগিৰিৰ ১১জন৷ পৰীক্ষালৈ পঠিওৱা নমুনাৰ ৮০ শতাংশৰে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ সংক্ৰমণ হৈছে৷ ঠাই অনুসৰি ৪৫জন ৰোগী হৈছে জলগাঁও (১৩জন), ৰত্নগিৰি (১২জন), মুম্বাই (৬জন), থানে (৫জন), পুনে (৩জন) আৰু পালঘৰ, সিন্ধুদুৰ্গ, সাংলি, নান্দুৰবাৰ, ঔৰংগাবাদ, কোলহাপুৰ আৰু বীডৰ এজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here