ডেংগু ৰোগৰ প্ৰতিৰোধত নিমৰ ভূমিকা কি?

0
2292

ঔষধি গুণসম্পন্ন উদ্ভিদবোৰৰ ভিতৰত এটা অন্যতম হৈছে নিম পাত৷ নিমৰ কুমলীয়া পাত আৰু ফুলক ভাৰতত খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়৷ তামিলনাডুত নিমৰ ফুলৰ পৰা ভেপামপু ৰচম নামৰ এবিধ খাদ্য প্ৰস্তুত কৰা হয়৷ কৃমিনাশক হিচাপেও নিমৰ ৰস খুবেই কাৰ্যকৰী৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ইয়াৰ ভূমিকা উল্লেখনীয়৷ কিন্তু আপুনি জানেনে ডেংগুৰ প্ৰতিৰোধত যে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ হয়, আপুনি ঠিকেই শুনিছে৷ সহজতে ঘৰত উপলব্ধ প্ৰাকৃতিক সামগ্ৰী নিম পাতৰ ব্যৱহাৰৰ দ্বাৰাও ডেংগু ৰোগৰ চিকিৎসা কৰিব পাৰি৷ নিম পাতত প্ৰচুৰ পৰিমাণে সক্ৰিয় যৌগিক পদাৰ্থ এজেডিৰেক্টিন থাকে, যিয়ে ডেংগুৰ ভাইৰাছৰ বৃদ্ধিত হেঙাৰ হিচাপে থিয় দিব পাৰে৷ ইয়াৰ লগতে নিমৰ পাতত এণ্টিমাইক্ৰ’বিয়েল, এণ্টিপিয়’ৰিটেক আৰু এণ্টিইনফ্লেমেটৰি পোৱা যায়, যিয়ে আপোনাৰ শৰীৰটোক যিকোনো বেমাৰৰ লগত যুঁজ কৰিবলৈ সক্ৰিয় কৰি তোলে৷

গতিকে ডেংগু ৰোগত নিম পাত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক–

(১) নিমৰ পাত পানীত উতলাই দৈনিক ২-৩ বাৰ খাব লাগে৷ ইয়াৰ ফলত ডেংগু আক্ৰান্ত ৰোগীৰ শৰীৰত ব্লাড প্লেটলেট আৰু ডব্লিউ বি চিৰ পৰিমাণ বৃদ্ধি হয়৷ যিয়ে ডেংগুৰ প্ৰতিৰোধত উল্লেখনীয় ভূমিকা পলন কৰে৷


(২) নিমৰ পাতৰ লগত অমিতা পাত পিচি লৈ গোটাকৈ তাৰ ৰস সেৱন কৰিলে ডেংগু ৰোগৰ সম্ভাৱনা কমে৷ ইয়াৰ লগতে ই ডেংগু আক্ৰান্ত ৰোগীৰ শৰীৰত প্লেটলেটৰ সংখ্যা বঢ়ায় আৰু ইয়াৰ ভাইৰাছ বঢ়োৱাত বাধা প্ৰদান কৰে৷


(৩) নিমৰ ফল আৰু ফুলৰ পৰা তৈয়াৰ কৰা তেলো মহ খেদাৰ বাবে কাৰ্যকৰী৷ গতিকে এই তেল ব্যৱহাৰ কৰিলে অন্য মহৰ লগতে ডেংগু ৰোগ বিয়পোৱা মহো আপোনাৰ পৰা দূৰত থাকিব৷


(৪) ডেংগুৰ পৰা ৰক্ষা পৰাৰ অন্যতম উপায় হৈছে নিম পাতৰ ধোঁৱা৷ শুকান নিম পাতৰ ধোঁৱা ঘৰৰ ওচৰে-পাঁজৰে দৈনিক দিলেও মহৰ সংখ্যা কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here