ডিব্ৰুগড়ৰ জালনি চাহ বাগিচাৰ ১৪০গৰাকী শ্ৰমিক কৰ’নাত আক্ৰান্ত

0
1880

ডিব্ৰুগড় জিলা প্ৰশাসনে ইতিমধ্যে বাগিচাখন বন্ধ কৰি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷


চাহ বাগিচাৰ শ্ৰমিক লাইনৰ দৰে ঘন বসতিপূৰ্ণ অঞ্চললৈ এইবাৰ কভিড ভয়াৱহভাৱে সংক্ৰমণ হোৱাত ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ জিলাখনৰ জালনি চাহ বাগিচাৰ ১৪০গৰাকী শ্ৰমিক আৰু কৰ্মচাৰীৰ শৰীৰত কৰ’না ভাইৰাছ ধৰা পৰাত এক গভীৰ চিন্তনীয় বিষয় হিচাপে দেখা দিছে৷ কভিড-১৯ৰ দ্ৰুত সংক্ৰমণ চাহ বাগিচালৈ সম্প্ৰসাৰিত হ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলি আশংকা কৰি থকাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে৷ ডিব্ৰুগড় জিলা প্ৰশাসনে ইতিমধ্যে বাগিচাখন বন্ধ কৰি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ ইতিমধ্যে টেঙাখাত ৰাজহ চক্ৰ বিষয়াকে ধৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে জালনি চাহ বাগিচালৈ গৈ পৰিস্থিতিৰ বুজ লৈ বিহিত ব্যৱস্থা হাতত লৈছে৷ ডিব্ৰুগড় জিলাৰ ইণ্টিগ্ৰেটেড ডিজাষ্টাৰ ছাৰ্ভিলেন্স প্ৰজেক্টৰ অফিচাৰ ডাঃ নৱজ্যোতি গগৈয়ে বাগিচাখনৰ পৰিস্থিতিৰ বুজ লৈ ছেনিটাইজেশ্যনৰ লগতে ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা কৰিছে৷ বাগিচাখনৰ হস্পিটেল আৰু দুটা ষ্টাফ কোৱাৰ্টাৰক অস্থায়ী আইছ’লেশ্যন চেণ্টাৰ কৰা হৈছে৷ উক্ত চেণ্টাৰত পজিটিভ ১৪০গৰাকী ৰোগীক ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ চেয়াৰমেন পল্লৱ গোপাল ঝাই এক নিৰ্দেশনাযোগে টেঙাখাত উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো সাপ্তাহিক, দৈনিক বজাৰ হাট, ব্যাৱসায়িক প্ৰতিষ্ঠান তৎকালীনভাৱে বন্ধ কৰি দিয়ে৷ চাহ বাগিচা অঞ্চলত জনবসতি অতি ঘন৷ যদি কৰ’না ভাইৰাছ সংক্ৰমিত হয়, তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনাই অধিক৷ সেইবাবে সময় থাকোঁতেই চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here